Sunday, September 8, 2024
Google search engine
গৃহউত্তৰ-পূববাংলাদেশ সীমান্তৰ বিএছএফ কেম্পত দুৰ্গাপূজা

বাংলাদেশ সীমান্তৰ বিএছএফ কেম্পত দুৰ্গাপূজা

ভাৰত-বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তত ২৪ ঘণ্টা দেশ সুৰক্ষাৰ বাবে নিয়োজিত হৈ থকা বি এছ এফ জোৱান সকলে বলদামগ্ৰীৰি BSF কেম্পত উলহ-মালহেৰে উদযাপন কৰিছে শাৰদীয় দুৰ্গোৎসৱ। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ তুৰাৰ প্ৰহৰী নগৰৰ অধীনত থকা ৫০ নং বেটেলিয়ান BSF য়ে মানকাচৰৰ পাশ্ববৰ্তী বলদামগ্ৰীৰি BSF কেম্পত উলহ-মালহেৰে উদযাপন কৰিছে দুৰ্গা পূজা। ষষ্ঠী আৰু সপ্তমীৰ পাছত আজি মহা অষ্টমীৰ পূজা অনুষ্ঠিত কৰা হয় BSF কেম্প খনত। দেশ মাতৃৰ সুৰক্ষাৰ বাবে পৰিয়ালৰ পৰা আঁতৰত থাকি সীমান্তৰ অত্যন্ত প্ৰহৰী হিচাপে কাম কৰা BSF জোৱান সকলে সীমান্তত পহৰা দিয়াৰ সমান্তৰাল ভাবে BSF শিবিৰত দুৰ্গাপূজা উদযাপন কৰি দেশবাসীক মহা অষ্টমীৰ শুভেচ্চা জ্ঞাপন কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments