Saturday, September 7, 2024
Google search engine
গৃহক্ৰীড়ামানকাচৰৰ পূবেৰ গাঁওত ফুটবল টুৰ্ণামেণ্টৰ শুভাৰাম্ভ

মানকাচৰৰ পূবেৰ গাঁওত ফুটবল টুৰ্ণামেণ্টৰ শুভাৰাম্ভ

আজি মানকাচৰৰ পূবেৰ গাঁও ফুটবল টুৰ্মাণেণ্টৰ শুভাৰাম্ভ কৰা হয়। মানকাচৰৰ বিধায়ক আমিনুল ইছলাম ফুটবল টুৰ্মামেণ্টৰ শুভ উদ্ধোধন কৰাৰ পাচত টুৰ্মামেণ্টৰ প্ৰথমখন খেল টেপৰপাৰা আৰু মানকাচৰৰ শান্তিপুৰ দলৰ মাজত অনুষ্ঠিত কৰা হয়। এই খেলখনত টেপৰপাৰা দল ২-১ গলৰ ব্যৱধানত জয়লাভ কৰিছে। জিলাখনৰ বিভিন্ন এলেকাত বৰ্তমানে ফুটবল টুৰ্ণামেণ্টৰ আয়োজন কৰা হৈছে। বিশেষকৈ হাটশিঙিমাৰীৰ পাৰ্শ্বৱৰ্তী মানিক সৰকাৰ হাই স্কুল খেল পথাৰত জিলা  ছুপাৰ লীগ (District Super League) ৰ আয়োজন কৰা হৈছে। অহা ২৮ অক্টোবৰৰ পৰা আৰম্ভ হবলগীয়া এই জিলা পৰ্যায়ৰ ছুপাৰ লীগখনত প্ৰথম পুৰস্কাৰ হিচাপে নগদ ২ লাখ ৫ হেজাৰ টকা প্ৰদান কৰা হব। একেদৰে ৰানাৰ্চ আপ দলক নগত ১ লাখ ৫ হেজাৰ টকা পুৰস্কাৰ দিয়া হব বুলি আয়োজক সমিতিয়ে সিদ্ধান্ত গ্ৰহন কৰিছে। জিলাখনৰ হাজিৰহাট এলেকাতো এখন ফুটবল টুৰ্ণামেণ্টৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments