Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়মানকাচৰ-বাংলাদেশ সীমান্তত ৩৩ টা চোৰাং পশুধন সহ গ্ৰেপ্তাৰ তিনি

মানকাচৰ-বাংলাদেশ সীমান্তত ৩৩ টা চোৰাং পশুধন সহ গ্ৰেপ্তাৰ তিনি

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ তিনিটা পৃথক স্থানত আজি বিএছএফৰ পৃথক অভিযানত ৩৩ টা চোৰাং পশুধন সহ ৩ চোৰাং সৰবৰাহকাৰী আটক হৈছে।

প্ৰাপ্ত বাতৰি মতে, জিলাখনৰ সুখচৰ থানা এলেকাৰ অধীনস্থ হাতীৰচৰৰ ৪৯ নং বেটেলিয়ান বিএছএফে ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ পৰা ১২ টা চোৰাং গৰু সহ তিনি গৰু সৰবৰাহকাৰীক কৰায়ত্ব কৰিছে। একেদৰে জিলাখনৰ খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ বৰাইৰ আলগা আৰু শিশুমাৰাৰ ৪৫ নং বেটেলিয়ান বিএছএফে ক্ৰমে ১৬ টা আৰু ৫ টা চোৰাং গৰু জব্দ কৰিছে। ইতিমধ্যে শিশুমাৰা আৰু বৰাইৰ আলগা বিএছএফে জব্দ কৰা গৰু কেইটা খাৰুৱাবান্ধা আৰক্ষী চকীত জমা কৰিছে। ইফালে হাতীৰচৰ বিএছএফে আজি সন্ধিয়াৰ ভাগত ১২ টা গৰু সহ সৰবৰাহকাৰী তিনি জনক সুখচৰ আৰক্ষীৰ হাতত গতাই দিয়া হৈছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments