Tuesday, September 23, 2025
Google search engine
গৃহস্থানীয়কেতিয়া নিৰ্মাণ হ'ব হাটশিঙিমাৰী-মানকাচৰ পথ

কেতিয়া নিৰ্মাণ হ’ব হাটশিঙিমাৰী-মানকাচৰ পথ

কেতিয়া নিৰ্মাণ হব হাটশিঙিমাৰী-মানকাচৰ এইছ-এম পথ। দীৰ্ঘ দিনে পথটো বিধস্ত হৈ থকাৰ ফলত প্ৰতিদিনে হেজাৰ হেজাৰ লোক এই পথেৰে অতি কষ্টৰ মাজত যাতায়াত কৰিবলগীয়া হৈছে। পথ নিৰ্মাণ কৰাক লৈ একাংশ ৰাজনৈতিক দলৰ নেতা-পালিনেতা সকলে বিভিন্ন সময়ত ৰাজনীতি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। জিলাবাসীৰ বাবে লাইফ লাইন সদৃশ এই পথটোৰ প্ৰায় ৭০ শতাংশ এলেকাত এইদৰে পুখুৰী সদৃশ হৈ পৰাত পথটোৰ ওপৰত দূৰ্ঘটনাও বৃদ্ধি পাবলৈ ধৰিছে। ৰোড নিদিলে ভোট নিদিও বুলি শ্লোগান দি ইতিমধ্যে জিলা আছুয়ে পথ অৱৰোধ কাৰ্যসূচীও ৰূপায়ন কৰিছে। আছুৰ এই পথ অৱৰোধ কাৰ্যসূচীৰ পাচত ৰাজ্যপালৰ এক নিৰ্দেশ মতে পথটো মেৰামতিৰ বাবে লোক নিৰ্মাণ বিভাগৰ পৰা ৩ কোটি ১৪ লাখ টকা মোকলাই দিয়া হৈছে। কিন্তু তাতপৰ্যপূৰ্ণ ভাবে আজিলৈ উক্ত ধনেৰে মেৰামিতৰ কাম আৰম্ভ কৰিবলৈ সক্ষম হোৱা নাই অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগ। পথটো কেতিয়া মেৰামতি বা পুনৰ নিৰ্মাণ কৰা হব তাকে লৈ মানকাচৰ বাসী ৰাইজৰ মাজত উতকণ্ঠা বৃদ্ধি পাইছে ।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments