Friday, October 18, 2024
Google search engine
গৃহUncategorizedভোটগণনাৰ পূৰ্বে পুনৰ মানকাচৰত ৰকিবুল হুছেইন । কংগ্ৰেছৰ এজেণ্টক বিশেষ প্ৰশিক্ষণ

ভোটগণনাৰ পূৰ্বে পুনৰ মানকাচৰত ৰকিবুল হুছেইন । কংগ্ৰেছৰ এজেণ্টক বিশেষ প্ৰশিক্ষণ

হাটশিঙিমাৰীৰ প্ৰতিবেদকঃ- দেশৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনালৈ মাজত মাত্ৰ তিনিটা দিন বাকী থকাৰ সময়ত আজি ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন মানকাচৰ বিধানসভা সমষ্টিত উপস্থিত হৈ সঠিক ভাৱে ভোটগণনাত অংশগ্ৰহন কৰিবলৈ কংগ্ৰেছী এজেণ্ট সকলক বিশেষ ভাৱে প্ৰশিক্ষণ প্ৰদান কৰে।

উল্লেখযোগ্য যে, আজি দিনৰ প্ৰায় ৩ বজাত কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকী মানকাচৰত উপস্থিত হৈ হাটশিঙিমাৰীস্থিত ৰাজীৱ ভৱনত ৪০ গৰাকী কংগ্ৰেছী এজেণ্টক ভোটগণনা সম্পৰ্কে বিশেষ ভাৱে প্ৰশিক্ষণ প্ৰদান কৰে। কংগ্ৰেছী প্ৰাৰ্থী গৰাকী নিজে ধুবুৰী লোকসভা সমষ্টিৰ অধীনত থকা মুঠ ৬ খন ভোটগণনা কেন্দ্ৰৰ বাবে কংগ্ৰেছৰ এজেণ্ট সকলক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহন কৰি আজি মানকাচৰ সমষ্টিত কংগ্ৰেছৰ এজেণ্ট সকলক প্ৰশিক্ষণ প্ৰদান কৰে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ত থকা হাটশিঙিমাৰী প্ৰেক্ষাগৃহত ভোটগণনা কৰা হ’ব। ভোট গণনাৰ বাবে জিলা প্ৰশাসনেও ভোটগণনাকাৰী বিষয়া সকলক ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। ১ মে’ত জিলা প্ৰশাসনৰ পৰা ভোটগণনাকাৰী বিষয়া সকলক অন্তিম প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। এইবেলি মুঠ ১৪ টা টেবিলত পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হ’ব বুলি জিলা নিৰ্বাচনী বিষয়া আৰু জিলা অতিৰিক্ত আয়ুক্ত ৰিপোন জ্যোতি নাথে জানিবলৈ দিছে।

ইফালে কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে কংগ্ৰেছ কৰ্মী সকলক দিয়া প্ৰশিক্ষণ কাৰ্যসূচীত মানকাচৰৰ প্ৰাক্তন বিধায়ক তথা জিলা কংগ্ৰেছৰ সভাপতি ডাঃ মতিউৰ ৰহমান মণ্ডল, ৰূপহীহাট আৰু জলেশ্বৰৰ দুই বিধায়ক ক্ৰমে নুৰুল হুদা আৰু আফতাফ উদ্দীন মোল্লাৰ লগতে যুৱ নেতা মহিবুৰ ৰহমান বাপ্পি উপস্থিত আছিল। ভোটগণনাত কোনেও যাতে খেলিমেলি কৰিব নোৱাৰে তাৰ বাবে কংগ্ৰেছৰ এজেণ্ট সকলক প্ৰাৰ্থী ৰকিবুল হুছেইনে সজাগ আৰু সতৰ্ক কৰি দিয়ে। ইফালে নিৰ্বাচনৰ ফলাফললৈ মাজত মাত্ৰ তিনিটা দিন বাকী থাকিলেও ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ফলাফলক লৈ কোনো মতামত দাঙি ধৰা নাই । বিপৰীতে ৰকিবুল হুছেইন সাংবাদিকৰ আগত কয়- চৰকাৰে মদৰ দোকান বন্ধ কৰি বিদ্যালয় খুলিব লাগে, চৰকাৰে মুল্যবৃদ্ধি, বিদ্যুত বিল হ্ৰাস কৰিব লাগে। দূৰ্যোগৰ মাজত খোৱাপানীৰ হাহাকাৰত ভোগা লোকক চৰকাৰে পানী যোগানৰ ব্যৱস্থা গ্ৰহন কৰিব লাগে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments