Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰী-বাংলাদেশ সীমান্তত গৰাখহনীয়া । কাঁটাতাৰ, বিএছএফ কেম্প আৰু সীমান্ত পথলৈ ভাবুকি

হাটশিঙিমাৰী-বাংলাদেশ সীমান্তত গৰাখহনীয়া । কাঁটাতাৰ, বিএছএফ কেম্প আৰু সীমান্ত পথলৈ ভাবুকি

হাটশিঙিমাৰীৰ পৰা জেছমিনাৰা পাৰভিনৰ প্ৰতিবেদনঃ- জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে মানকাচৰৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে গৰাখহনীয়া। বিশেষকৈ বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙা আৰু কালাইৰ আলগাত খহনীয়াই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কোকৰাডাঙাত কেবাকোটি টকাৰ জিঅ’ বেগেৰে খহনীয়া প্ৰতিৰোধৰ কাম কৰা হৈছিল যদিও আজি পুৱাৰে পৰা জিঅ’ বেগ সমূহ ব্ৰহ্মপুত্ৰত জাহ যাবলৈ ধৰিছে। ফলত সীমান্তৱৰ্তী অঞ্চলটোত ৰাইজৰ মাজত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰৰ খহনীয়া এতিয়া আন্তৰাষ্ট্ৰীয় সীমান্ত সংযোগী পথৰ পৰা প্ৰায় ৫ মিটাৰ নিলগত চলি আছে। তৎকালীন ভাৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে আন্তৰাষ্ট্ৰীয় সীমান্ত সংযোগী পথটো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব বুলি স্থানীয় ৰাইজে আশংকা কৰিছে।

লক্ষণীয় যে, সীমান্ত সংযোগী পথটো খহনীয়াৰ কবলত পৰিলে মানকাচৰৰ প্ৰায় ২৫ কিলোমিটাৰ  ভাৰত-বাংলাদেশ সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ আৰু ১২ খনকৈ বিএছএফ কেম্প খহনীয়াৰ ভাবুকিত পৰিব। মানকাচৰৰ কোকৰাডাঙা-কালাইৰ আলগাৰ খহনীয়া দেশৰ নিৰাপত্তাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে।

    মন কৰিবলগীয়া যে, খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কেবা কোটি টকা আৱণ্টন দিছিল। বিভাগীয় ঠিকাদাৰে নিজৰ ইচ্ছামতে কাম সমূহ সঠিক ভাৱে নকৰাৰ ফলত ব্ৰহ্মপুত্ৰত সামান্য পানী বৃদ্ধি পোৱাত জিঅ’ বেগ সমূহ উটি যাবলৈ ধৰিছে। জিলা প্ৰশাসনে তৎকালীন ভাৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments