Saturday, July 27, 2024
Google search engine
গৃহUncategorizedমানকাচৰত অবৈধ ইটাভাটাত অঘটন, ভাটাৰ তলত পৰি এজন ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু

মানকাচৰত অবৈধ ইটাভাটাত অঘটন, ভাটাৰ তলত পৰি এজন ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ চিৰাখোৱাত অবৈধ ইটাভাটাত এখনত আজি জুই দিবলৈ গৈ এগৰাকী শ্ৰমিক মৃত্যুমুখত পৰা ঘটনাই অঞ্চলজুৰি গভীৰ শোকৰ ছা পৰিছে।

উল্লেখযোগ্য যে, আজি  পুৱাৰ ভাগত চিৰাখোৱাৰ মহিশঘুমা গাওঁৰ আব্দুল খালেকৰ পুত্ৰ আলী আকবৰ ৰহমান (২২) নামৰ শ্ৰমিকজনে নিজৰ কৰ্তব্য পালনৰ বাবে ইটা ভাটাত জুই দিবলৈ যায়। যুৱকজনে ভাটাত জুই দিবলৈ ধৰাত ভৰি পিছলি খাই ভাটাৰ তলত পৰি থিতাতে মৃত্যু মুখত পৰে ।

ঘটনাস্থলীত কালাপানী আৰক্ষী আৰু মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱা উপস্থিত হৈ মৃতদেহ চৰজমিন তদন্তৰ পিছত  মৃতদেহটি  মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰিছে।

লক্ষণীয় যে, জিলাখনৰ কেৱল মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ অধীনত প্ৰায় ২৩০ টা অবৈধ ৰঙা ইটাৰ ভাটা স্থাপন কৰি এটা চক্ৰই দীৰ্ঘদিনে ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। কিছুদিন পূৰ্বে ৰাজহ চক্ৰ বিষয়াৰ পৰা এনে অবৈধ ইটাভাটা উচ্ছেদ কৰা হব বুলি জাননি দিয়াৰ পাচত মাত্ৰ কেইটামান অবৈধ ইটাভাটা উচ্ছেদ কৰি জিলা প্ৰশাসনে ৰহস্যজনক ভাৱে অবৈধ ইটা ভাটা উচ্ছেদ অভিযান বন্ধ কৰি ৰাখিছে। এনে অবৈধ ইটাভাটাৰ বিৰুদ্ধে নতুনকৈ কৰ্মত যোগদান কৰা ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱাই ব্যৱস্থা গ্ৰহন কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। কিন্তু বাস্তৱত ৰাজহ চক্ৰ বিষয়া জনে এনে অবৈধ ইটা ভাটা উচ্ছেদ কৰাত কিমান আগভাগ লয় সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments