Saturday, July 27, 2024
Google search engine
গৃহশিক্ষা-প্ৰযুক্তিপুনৰ ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণৰে উজলিছে মানকাচৰৰ সুখচৰ জাতীয় বিদ্যালয়

পুনৰ ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণৰে উজলিছে মানকাচৰৰ সুখচৰ জাতীয় বিদ্যালয়

মানকাচৰৰ ভিতৰুৱা অঞ্চলত থকা সুখচৰ জাতীয় বিদ্যালয়ত পুনৰ ১০০ শতাংশ শিক্ষাৰ্থী মেট্ৰিকত উত্তীৰ্ণ হৈছে। বিদ্যালয়খনত সোমবাৰে পাঠদান বন্ধ ৰাখি শিক্ষক-অভিভাৱক আৰু শিক্ষাৰ্থী সকলে ৰেলী আৰু আতচবাজিৰে আনন্দ উল্লাস পালন কৰে।

উল্লেখযোগ্য যে, ২০০৫ চনত স্থাপন কৰা সুখচৰ জাতীয় বিদ্যালয়ত ২০১৭ চনত প্ৰথম বাৰৰ বাবে শিক্ষাৰ্থীসকল মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ২০১৭ বৰ্ষৰ পৰাই সুখচৰ জাতীয় বিদ্যালয়ত মেট্ৰিক পৰীক্ষাত শিক্ষাৰ্থীসকল ১০০ শতাংশ উত্তীৰ্ণ হৈ আহিছে। এইবেলি বিদ্যালয়খনৰ পৰা ৪৮ গৰাকী শিক্ষাৰ্থী মেট্ৰিকত অৱতীৰ্ণ হৈছিল। ইয়াৰে ৩৭ গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগ আৰু ১১ গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। বিদ্যালয়খনত এইবাৰ ৫ টা ডিষ্টিংচন আৰু ১০গৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে। বিদ্যালয়খনৰ পৰা উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক সোমবাৰে ফুলাম গামোচা আৰু মালাৰে সম্বৰ্ধনা জনোৱা হয়। তদুপৰি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ শিক্ষক অভিভাৱকসকলে এক বৃহত ৰেলী উলিয়ায়। লক্ষণীয় যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীতো  আন কেবাখনো বিদ্যালয়ত ১০০শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। বিশেষকৈ হাটশিঙিমাৰী সাৰ্বজনীন জাতীয় বিদ্যালয়ৰ পৰা এইবেলি জিলাৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আলাৰেপ ইছলাম নামৰ এগৰাকী শিক্ষাৰ্থীয়ে। শিক্ষাৰ্থী আলাৰেপ ইছলামে ৯৬.৮৩ শতাংশ নম্বৰ লাভ কৰি জিলাৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে।শিক্ষাৰ্থী জনক লৈ সোমবাৰে সাৰ্বজনীন হাটশিঙিমাৰী জাতীয় বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, অভিভাৱক আৰু শিক্ষাৰ্থী সকলে এক বৃহত ৰেলী উলিয়ায়। জিলাৰ সদৰৰ মূল মূল পথ সমূহ পৰিভ্ৰমন কৰি সোমবাৰে বিদ্যালয়খনৰ পাঠদান বন্ধ ৰখা হয়। জিলাৰ ভিতৰত সৰ্বাধিক নম্বৰপ্ৰাপ্ত শিক্ষাৰ্থী জনক সম্বৰ্ধনা জনোৱা হয়। হাটশিঙিমাৰী সাৰ্বজনীন জাতীয় বিদ্যালয়তো এইবাৰ ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। বিদ্যালয়খনৰ পৰা মুঠ ১২৮ গৰাকী শিক্ষাৰ্থী মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে এজন শিক্ষাৰ্থী পৰীক্ষাত অনুপস্থিত থকাৰ বিপৰীতে ১২০ জন প্ৰথম বিভাগৰ আৰু ৭ জন দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে বুলি বিদ্যালয় কতৃপক্ষই জানিবলৈ দিছে। ইয়াৰোপৰি ৰেইনবো ইংলিচ একাডেমী, ইলিগেণ্ট একাডেমী, নামনি অসম জাতীয় বিদ্যালয়কে ধৰি কেবাখনো বিদ্যালয় প্ৰতি বছৰৰ দৰে এইবেলিও ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments