Saturday, July 27, 2024
Google search engine
গৃহক্ৰীড়াহাটশিঙিমাৰী মহাবিদ্যালয়ত আৰম্ভ হৈছে ২০২৩-২৪ বৰ্ষৰ মহাবিদ্যালয় সপ্তাহ

হাটশিঙিমাৰী মহাবিদ্যালয়ত আৰম্ভ হৈছে ২০২৩-২৪ বৰ্ষৰ মহাবিদ্যালয় সপ্তাহ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰত থকা একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান হাটশিঙিমাৰী মহাবিদ্যালয়ত সোমবাৰৰ পৰা মহাবিদ্যালয় সপ্তাহ আৰম্ভ হৈছে। মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জহিৰুল ইছলাম মহাবিদ্যালয় সপ্তাহৰ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে মুকলি কৰে। সোমবাৰে পুৱা মহাবিদ্যালয় সপ্তাহৰ পতাকা উত্তোলন কৰাৰ পাচত ছাত্ৰ-ছাত্ৰী সকলে পুৱা সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। শ্বহীদ তৰ্পন আৰু মহাবিদ্যালয় চৌহদ পৰিস্কাৰ কৰাৰ পাচত খেলপথাৰ মুকলি কৰা হয়। ইয়াৰ পাচত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰকাৰৰ খেল প্ৰতিযোগিতা আৰম্ভ কৰা হয়। অহা ২৬ মে’ তাৰিখে মহাবিদ্যালয় সপ্তাহ সমাপ্ত হোৱাৰ পাচত বঁটা বিতৰণ কৰা হ’ব। ছাত্ৰ আৰু ছাত্ৰীৰ বাবে মহাবিদ্যালয়খনত পৃথকে প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments