Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত ৫দিনীয়া কাৰ্যসূচীৰে ১৬৬৪ গৰাকী প্ৰিজাইডিং আৰু প’লিং বিষয়াৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ...

হাটশিঙিমাৰীত ৫দিনীয়া কাৰ্যসূচীৰে ১৬৬৪ গৰাকী প্ৰিজাইডিং আৰু প’লিং বিষয়াৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন । ৫ টা আদৰ্শ ভোটগ্ৰহন কেন্দ্ৰৰ বাবে ৩৬ গৰাকী মহিলাক বিশেষ প্ৰশিক্ষণ 

অহা ৭ মে’ত ধুবুৰী লোকসভা সমষ্টিত অনুষ্ঠিত হ’বলগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহনৰ বাবে হাটশিঙিমাৰী জিলা প্ৰশাসনে ৫ দিনীয়া কাৰ্যসূচীৰে জিলাখনৰ মুঠ ১৬৬৪ গৰাকী প্ৰিজাইডিং আৰু প’লিং বিষয়াৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ আজি সম্পন্ন কৰে।

    উল্লেখযোগ্য যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ২নং ধুবুৰী লোকসভা সমষ্টিৰ অধীনস্থ ১১ নং মানকাচৰ বিধানসভা সমষ্টিৰ মুঠ ৩৪৭ টা ভোটগ্ৰহন কেন্দ্ৰ আছে। বাংলাদেশ সীমান্তৱৰ্তী জিলাখনৰ প্ৰতিখন ভোটগ্ৰহন কেন্দ্ৰত সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে প্ৰস্তুতি তুংগত তোলা পৰিলক্ষিত হৈছে। নিৰ্বাচনত ভোটগ্ৰহনৰ বাবে যোৱা ২৬ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ ৫দিনীয়া কাৰ্যসূচীৰে মুঠ ১৬৬৪ গৰাকী প্ৰিজাইডিং আৰু প’লিং বিষয়াক প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। ২৬ মাৰ্চত ৪১৬ গৰাকী প্ৰিজাইডিং বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰা হয়। একেদৰে ২৭, ২৮ আৰু ২৯ মাৰ্চ তাৰিখে ৪১৬ গৰাকীকৈ প্ৰথম, দ্বিতীয় আৰু তৃতীয় প’লিং বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰা হয়। হাটশিঙিমাৰী মহাবিদ্যালয় আৰু হাটশিঙিমাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত হাটশিঙিমাৰী জিলা প্ৰশাসনৰ উদ্যোগত প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন কৰা হয়। প্ৰশিক্ষণৰ আজি পঞ্চমদিনা হাটশিঙিমাৰী মহাবিদ্যালয়ত ৩৬ গৰাকী মহিলা প্ৰিজাইডিং আৰু প’লিং বিষয়াক বিশেষ ভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হয়। জিলাখনৰ মুঠ ৩৪৭ টা ভোটগ্ৰহন কেন্দ্ৰৰ ভিতৰত ৫টা ভোটগ্ৰহন কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত আদৰ্শ ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হ’ব। সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত হ’বলগীয়া ভোটগ্ৰহন কেইটাৰ বাবে আজি ৩৬ গৰাকী মহিলা প্ৰিজাইডিং আৰু প’লিং বিষয়াক প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰে। ৫টা ভোটগ্ৰহন কেন্দ্ৰৰ বাবে ৯ গৰাকী প্ৰিজাইডিং আৰু ৯ গৰাকীকৈ প্ৰথম, দ্বিতীয় আৰু তৃতীয় প’লিং বিষয়াক এই প্ৰশিক্ষণ প্ৰদান কৰা হয়।

    লক্ষণীয় যে, প্ৰিজাইডিং আৰু প’লিং বিষয়া সকলৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰতিদিনে নিৰ্বাচনৰ দায়িত্বত থকা জিলা অতিৰিক্ত আয়ুক্ত ৰিপোন জ্যোতি নাথ, মানকাচৰ খণ্ড উন্নয়ন বিষয়া কস্তব দাস উপস্থিত থাকি প্ৰিজাইডিং আৰু প’লিং বিষয়া সকলৰ সৈতে বিভিন্ন সমস্যা দূৰ কৰা সম্পৰ্কে আলোচনা কৰে। প্ৰতিখন প্ৰশিক্ষণ শিবিৰত অতিৰিক্ত আয়ুক্তগৰাকী উপস্থিত হৈ ভোটগ্ৰহনকাৰী বিষয়া সকলক উৎসাহিত কৰি তোলা পৰিলক্ষিত হয়। নিৰ্বাচনৰ আগে আগে জিলা প্ৰশাসনে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ পাচত ভোটগ্ৰহনৰ বাবে প্ৰিজাইডিং আৰু প’লিং বিষয়া সকলক ভোটগ্ৰহন কেন্দ্ৰত প্ৰেৰণ কৰিব বুলি জিলা আয়ুক্ত গৰাকীয়ে জানিবলৈ দিছে।

    মন কৰিবলগীয়া যে, বাংলাদেশ সীমান্তৱৰ্তী জিলাখনত মুঠ ৩৪৭ টা ভোটগ্ৰহন কেন্দ্ৰৰ ভিতৰত ৭৪ টা স্পৰ্শকাতৰ ভোটগ্ৰহন কেন্দ্ৰ থকাৰ লগতে ৮১ টা অতি স্পৰ্শকাতৰ ভোটগ্ৰহন কেন্দ্ৰ আছে। বিগত নিৰ্বাচনৰ দৰে এই স্পৰ্শকাতৰ আৰু অতিস্পৰ্শকাতৰ ভোটগ্ৰহন কেন্দ্ৰত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে আৰক্ষী প্ৰশাসনৰ সহযোগত কটকটীয়া নিৰাপত্তা প্ৰদান কৰিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। 

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments