Thursday, July 25, 2024
Google search engine
গৃহশিক্ষা-প্ৰযুক্তিহাটশিঙিমাৰীত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ জিলা সমিতিৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন

হাটশিঙিমাৰীত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ জিলা সমিতিৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন

অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা সমিতিৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস কালি দিনজোৰা কাৰ্যসূচীৰে উদযাপিত কৰা হয়।

উল্লেখযোগ্য যে, ২৯ মাৰ্চ তাৰিখে জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত জ্ঞান বিকাশ একাডেমীত আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা সমিতিয়ে প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। জিলা সমিতিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুক্ৰবাৰে পুৱা ৯ বজাত জিলা সমিতিৰ উপসভাপতি (প্ৰশাসন) হাবিবুছ ছুলতানে বন্তি প্ৰজ্বলন কৰে। পুৱা ৯.১৫ বজাত সাংগঠনিক সম্পাদক আব্দুল্লা আহমেদে গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰে। পুৱা ৯.৪৫ বজাত সমিতিৰ সভাপতি ড০ মজিবৰ ৰহমানে পৰিষদৰ পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ লগে লগে সমবেত কণ্ঠত ড০ অমৰজ্যোতি চৌধুৰীদেৱৰ ‘এটা গান শেষ হ’ল’ শীৰ্ষক কবিতা আবৃত্তি কৰা হয়। ইয়াৰ পাচত ১০.১৫ বজাত জিলা সমিতিৰ যুটীয়া সম্পাদিকা মেৰিনা খাতুনে আবৃত্তি মঞ্চ উন্মোচন কৰে। পুৱা ১০.৩০ বজাত সাংগঠনিক সম্পাদক শ্বৰিফুজ্জামান আকন্দৰ সঞ্চালনাত জিলা ভিত্তিক অসমীয়া কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰে। লক্ষণীয় যে, আবৃতি প্ৰতিযোগিতাৰ বাবে ‘ক’ শাখাত পঞ্চম শ্ৰেনীৰ পৰা সপ্তম শ্ৰেনীলৈ ছাত্ৰ-ছাত্ৰী সকলে কবি ‘লক্ষ্যধৰ চৌধুৰী’ৰ ‘মোৰ লক্ষ্য’ কবিতাৰ শিৰোনাম আবৃত্তি প্ৰতিযোগিতা কৰা হয়। একেদৰে ‘খ’ শাখাত অষ্টম শ্ৰেনীৰ পৰা দশম শ্ৰেনীলৈ কবি ‘ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা’ৰ ‘কাঞ্চনজঙ্গাৰ বুৰঞ্জী’ (১ আৰু ২ নং অংশ) কবিতাৰ শিৰোনাম আবৃত্তি প্ৰতিযোগিতা কৰা হয়। আনহাতে ‘গ’ শাখাত একাদশ শ্ৰেনীৰ পৰা শ্নাতক পৰ্যায়লৈ কবি ‘হেম বৰুৱা’ৰ ‘পোহৰতকৈ এন্ধাৰ ভাল’ কবিতাৰ শিৰোনাম আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইফালে দিনৰ ১.৩০ বজাত সমিতিৰ সাধাৰণ সম্পাদক আসাদুজ্জামানৰ সঞ্চালনাত ‘‘কবিতা আবৃত্তি এক নান্দনিক পৰিৱেশ্য কলা’’ বক্তৃতাৰ বিষয়ক লৈ বিশেষ বক্তৃতানুষ্ঠান আৰু মুকলি সভা অনুষ্ঠিত কৰা হয়। মুকলি সভাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ৰাজ্যিক কাৰ্যনিৰ্বাপক সদস্য ড০ মোৰশেদুজ্জামান, পৰিষদৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা সমিতিৰ সভাপতি ড০ মজিবৰ ৰহমান নিৰ্দিষ্ট বক্তা হিচাপে বক্তৃতা প্ৰদান কৰে। জিলাখনৰ বিশিষ্ট সমাজসেৱক তথা অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত উপেন্দ্ৰহাৰী কোচ এই মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বিয়লি ৩ বজাত শ্ৰেষ্ঠ প্ৰতিযোগী সকলক বঁটা বিতৰণ কৰাৰ পাচত বিয়লি ৩.৩০ বজাত শ’লাগৰ শৰাই আগবঢ়োৱা হয়। আবৃত্তি প্ৰতিযোগিতাত অংশগ্ৰহন কৰা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক পৰিষদৰ পৰা মানপত্ৰ বিতৰণ কৰা হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments