Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়নিৰ্বাচনী অধিসূচনাৰ পাচত মানকাচৰত ওলাইছে লাখে লাখে টকা । ৪ দিনৰ ভিতৰত...

নিৰ্বাচনী অধিসূচনাৰ পাচত মানকাচৰত ওলাইছে লাখে লাখে টকা । ৪ দিনৰ ভিতৰত বিভিন্ন স্থানৰ পৰা জব্দ প্ৰায় ৩২ লাখ টকা

দেশৰ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাচত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষী প্ৰশাসন তৎপৰ হৈ উঠিছে। ইতিমধ্যে জিলাখনৰ অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাত থকা প্ৰৱেসদ্বাৰ সমূহত নাকা বহুৱাই প্ৰতিখন বাহনত তন্ন তন্ন কৰি তালাচী আৰম্ভ কৰিছে আৰক্ষীয়ে। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাচত জিলাখনত এতিয়ালৈ মুঠ ৩১ লাখ ৭৮ হেজাৰ ৯৫০ টকা জব্দ কৰা হৈছে। জিলাখনৰ দক্ষিণ শালমাৰা আৰক্ষীয়ে মেঘালয় সীমান্তৱৰ্তী এলেকাত কেবাজনো লোকৰ পৰা নগদ ১২ লাখ ৪০ হেজাৰ ৫০০ টকা জব্দ কৰাৰ লগতে মানকাচৰ আৰক্ষীয়ে মিৰজুমালাত ৮ লাখ ৪৪ হেজাৰ টকা জব্দ কৰিছে। আনহাতে কালাপানী আৰক্ষী চকী এলেকাৰ পৰা ৫ লাখ ৫০ হেজাৰ আৰু খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ পৰা ৫ লাখ ৪৪ হেজাৰ ৪৫০ টকা জব্দ কৰা হৈছে। প্ৰায় সকলো খিনি ধন মেঘালয়ৰ পৰা মটৰ চাইকেলেৰে মানকাচৰলৈ অহা অৱস্থাত আৰক্ষীয়ে নাকা চেকিংৰ জৰিয়তে উদ্ধাৰ কৰি জব্দ কৰিছে। টকাখিনি কি কাৰণত অনা হৈছিল তাৰ উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পাচত জিলা কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিত জব্দ কৰে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments