Saturday, July 27, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত কৰ্মী সভাত অগপৰ প্ৰাৰ্থী জাবেদ ইছলাম । ১৫ বছৰে বহু চৰকাৰী...

হাটশিঙিমাৰীত কৰ্মী সভাত অগপৰ প্ৰাৰ্থী জাবেদ ইছলাম । ১৫ বছৰে বহু চৰকাৰী আঁচনিৰ পৰা জনতাক অন্ধকাৰত ৰাখিলে আজমলে

ধুবুৰী সংখ্যালঘু মুছলমান প্ৰধান এলেকা হোৱা বাবে বিজেপিয়ে ভোট নাপায় বুলি ভাবিয়ে হয়তো মুখ্যমন্ত্ৰীয়ে অগপৰ পৰা মোক জয়ী হবলৈ প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। বিজেপিয়ে প্ৰাৰ্থীত্ব দিলে হয়তো মুছলমান প্ৰধান এলেকাত জয়ী হোৱাটো বিজেপিৰ বাবে কঠিন প্ৰত্যাহ্বান হ’লহেতেন বুলি বিজেপিয়ে ধাৰণা কৰিছে। কিন্তু ধুবুৰীৰ সংখ্যালঘু মুছলমান লোক মোক ভোট দি প্ৰমাণ কৰিব যে, সংখ্যালঘু মুছলমান লোকেও বিজেপিক পূৰ্ণ সমৰ্থন কৰে। ধুবুৰীৰ সংখ্যালঘু লোকে মোক ভোট দি জয়ী কৰাব। তেতিয়া মুখ্যমন্ত্ৰীয়ে মোক আকোৱালি ল’ব। মুখ্যমন্ত্ৰীয়ে এনেও মোক ভাল পায়, গতিকে নিশ্চয় তেওঁ অগপৰ হৈ ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাব আহিব। মুখ্যমন্ত্ৰীয়ে আহিব লাগিব, ন’হলে মই মুখ্যমন্ত্ৰীৰ ওচৰত জেদ কৰিম। এই দাবী কৰিছে ধুবুৰীৰ অগপৰ প্ৰাৰ্থী জাবেদ ইছলামে। উল্লেখযোগ্য যে, ধুবুৰী লোকসভা সমষ্টিৰ পৰা ধাৰাবাহিক ভাৱে দ্বিতীয় বাৰ অগপৰ পৰা টিকট লাভ কৰা মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলাম নিজৰ নিৰ্বাচনী প্ৰচাৰ পূৰ্ণ গতিত চলাই গৈছে। ইতিমধ্যে ধুবুৰীৰ ৰাজনৈতিক বজাহ গৰম হৈ পৰিছে। বিশেষকৈ জাবেদ ইছলামৰ গৃহ সমষ্টি মানকাচৰ সমষ্টিত জাবেদ ইছালামে কেবাটাও যোগদান কাৰ্যসূচীত অংশগ্ৰহন কৰাৰ লগতে সমষ্টিৰ ঠায়ে ঠায়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। ধুবুৰী লোকসভা সমষ্টিত কোনো প্ৰাৰ্থী জয়ী হ’বলৈ হলে মানকাচৰ বিধানসভা সমষ্টিৰ পৰা ৫০ শতাংশ ভোট লাভ কৰাটো অতিকৈ জৰুৰী। কিয়নো বিগত তিনিটাকৈ লোকসভা নিৰ্বাচনত মানকাচৰ বিধানসভা সমষ্টিৰ পৰা এআইইউডিএফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে অকলে ৫০ শতাংশতকৈ অধিক ভোট লাভ কৰি ধুবুৰী সমষ্টিৰ পৰা সহজে জয়লাভ কৰিছে। এইবেলি মানকাচৰ সমষ্টিত মুঠ ভোটাৰ প্ৰায় ৩ লাখ । ইয়াৰে মানকাচৰ বিধানসভা সমষ্টিখনৰ পৰা কোনো প্ৰাৰ্থীয়ে অকলে ৫০ শতাংশ অৰ্থাত ডেৰ লক্ষাধিক ভোট লাভ কৰিলে সেই প্ৰাৰ্থীজন অতি সহজে ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হ’ব বুলি প্ৰতিটো দলৰ নেতা-কৰ্মীৰ মাজত আলোচিত হৈ আহিছে। এইবেলি নিজৰ গৃহসমষ্টি মানকাচৰ বিধানসভাত অগপ প্ৰাৰ্থী জাবেদ ইছলামে ডেৰ লক্ষাধিক ভোট লাভ কৰিব নিজে আশা প্ৰকাশ কৰি সাংসদ আজমল তিনি বা চাৰি নম্বৰ স্থানত থাকিব বুলি প্ৰায় প্ৰতিটো নিৰ্বাচনী ভাষণত দাবী কৰি আহিছে। তদুপৰি সাংসদ আজমল অন্য সমষ্টিৰ পৰা আহি নিৰ্বাচিত হৈ ধুবুৰীবাসী ৰাইজক বিগত ১৫ বছৰ ধৰি বিভিন্ন আঁচনিৰ পৰা অন্ধকাৰত ৰখা বুলি জাবেদ ইছলামে অভিযোগ আনিছে। আনহাতে ৰকিবুল হুছেইন কংগ্ৰেছৰ মন্ত্ৰী থকা কালত ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী আছিল যদিও ধুবুৰীৰ বাবে ৰকিবুলে কোনো কাম নকৰিলে বুলি জাবেদ ইছলামে দাবী কৰিছে। ৰকিবুল হুছেইন মন্ত্ৰী থকা সময়ত মানকাচৰৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ ওপৰত মেঘালয়ৰ গাৰো উগ্ৰপন্থীৰ উতপাত চলিছিল। কেবাজনো ব্যৱসায়ী গাৰো উগ্ৰপন্থীৰ হাতত অপহৃত হৈ মুক্তিপন দিয়াৰ পাচতো প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। সেই সময়ত তদানীন্তন মন্ত্ৰী ৰকিবুল হুছেইন এদিনৰ বাবেও মানকাচৰত উপস্থিত হোৱা নাছিল বুলি জাবেদ ইছলামে অভিযোগ আনিছে। ৰকিবুল হুছেইনৰ এনে কাণ্ডৰ বাবে কোনো লোকে ৰকিবুল হুছেইনক ভোট নিদিয়ে বুলিও জাবেদ ইছলামে মন্তব্য প্ৰকাশ কৰিছে।

    লক্ষণীয় যে, অগপৰ প্ৰাৰ্থী জাবেদ ইছলাম আজি দিনৰ প্ৰায় ১২ বজাত হাটশিঙিমাৰীত তিনি শতাধিক দলৰ নেতা-কৰ্মী সকলক লৈ এখন কৰ্মী সভা অনুষ্ঠিত কৰে। কৰ্মী সভাৰ পাচত জাবেদ ইছলাম দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বিজেপি কৰ্মীৰ সৈতেওঁ আলোচনাত বহে। লোকসভা নিৰ্বাচনত মিত্ৰজোটৰ প্ৰাৰ্থী জাবেদ ইছলামক প্ৰতিজন বিজেপি কৰ্মীয়ে যাতে সহায় কৰি নিৰ্বাচনী প্ৰচাৰ চলাই তাৰ বাবে জিলা বিজেপিৰ সভাপতি অধীৰ চন্দ্ৰ দাস আৰু উপসভাপতি মনিৰুজ্জামান মনিয়ে বিজেপি কৰ্মী সকলক আহ্বান জনায়। এই সভাখনৰ অন্তত নিৰ্বাচনী প্ৰচাৰৰ বাবে জাবেদ ইছলাম গোৱালপাৰালৈ ৰওনা হয়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments