Sunday, September 8, 2024
Google search engine
গৃহশিক্ষা-প্ৰযুক্তিহাটশিঙিমাৰী মহাবিদ্যালয়ত ৩৮ তম প্ৰতিষ্ঠা দিৱস উদযাপন

হাটশিঙিমাৰী মহাবিদ্যালয়ত ৩৮ তম প্ৰতিষ্ঠা দিৱস উদযাপন

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত থকা একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান হাটশিঙিমাৰী মহাবিদ্যালয়ত শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয়খনৰ ৩৮ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।

    উল্লেখযোগ্য যে, ১৯৮৭ চনৰ ১৫ মাৰ্চ তাৰিখে ক’লা শাখাক লৈ হাটশিঙিমাৰী মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল। পৰ্যায়ক্ৰমে ১৯৯৯ চনত মহাবিদ্যালয়খনত বিজ্ঞান শাখাৰ বাবে পাঠদান আৰম্ভ কৰা হয়। মহাবিদ্যালয়খনে ৩৭ টা বছৰ সম্পন্ন হোৱাৰ পাচত ৩৮ বছৰত ভৰি দিয়াত ১৫ মাৰ্চ তাৰিখে দিনজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিবস উদযাপন কৰা হয়। মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ৮ বজাত ভাৰপ্ৰাপ্ত অধ্যক্ষ জহিৰুল ইছলাম মহাবিদ্যালয়খনৰ পতাকা উত্তোলন কৰে। ইয়াৰ পাচত বৃক্ষ ৰোপন আৰু ছাফাই অভিযান চলোৱা হয়। দিনৰ ১১ বজাত মহাবিদ্যালয় প্ৰেক্ষাগৃহত মুকলি সভা অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জহিৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ বখতিয়াৰ খিলজী উপস্থিত থাকে। এই মুকলি সভাত শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক সকলো উপস্থিত আছিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments