Saturday, July 27, 2024
Google search engine
গৃহস্থানীয়লোকসভা নিৰ্বাচনক লৈ হাটশিঙিমাৰী জিলা প্ৰশাসনৰ সংবাদমেল

লোকসভা নিৰ্বাচনক লৈ হাটশিঙিমাৰী জিলা প্ৰশাসনৰ সংবাদমেল

লোকসভা নিৰ্বাচনক লৈ কালি হাটশিঙিমাৰী জিলা প্ৰশাসনে এক সংবাদমেলৰ জৰিয়তে ৭ মে’ত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনৰ নীতি নিয়ম দক্ষিণ শালমাৰা-মানকাচৰ জিলাবাসীক অৱগত কৰে। বাংলাদেশ সীমান্তৱৰ্তী হাটশিঙিমাৰী জিলা প্ৰশাসনৰ উদ্যোগত মানকাচৰ বিধানসভা সমষ্টিৰ ৩৪৭ টা ভোটগ্ৰহন কেন্দ্ৰৰ জৰিয়তে মুঠ ২ লাখ ৯৬ হেজাৰ ৮৯৫ গৰাকী ভোটাৰে ভোটদান কৰিব পাৰিব। জিলাখনত মুঠ ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ১ লাখ ৪৯ হেজাৰ ৮৪৫ টা আৰু মহিলা ভোটাৰ সংখ্যা ১ লাখ ৪৭ হেজাৰ ৪৭ টা। আনহাতে জিলাখনত তৃতীয় লিংগ ভোটাৰ সংখ্যা ৩ টা ।

জিলাখনত শান্তিপূৰ্ণ ভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে। বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী জিলাখনত ৩৪৭ টা ভোটগ্ৰহন কেন্দ্ৰৰ ভিতৰত আন্তৰাষ্ট্ৰীয় সীমান্তত ৮১ টা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে। একেদৰে জিলাখনত ৭৪ টা স্পৰ্শকাতৰ আৰু ৮১ অতি স্পৰ্শকাতৰ ভোট গ্ৰহন কেন্দ্ৰ আছে ৷ এই বেলি নিৰ্বাচনী আয়োগে ঘোষনা কৰা অনুসৰি মানকাচৰ বিধানসভা সমষ্টিৰ ৮৫ বছৰৰ উৰ্ধৰ মুঠ ১০৮৪ গৰাকী ভোটাৰ আছে। ৮৫ বছৰ উৰ্ধৰ ভোটাৰ সকলৰ ঘৰে ঘৰে গৈ ভোট গ্ৰহনৰ ব্যৱস্থা গ্ৰহন কৰিব জিলা প্ৰশাসনে। ইয়াৰোপৰি জিলাখনত ৫ টা মডেল ভোট গ্ৰহণ আৰু ৫ টা মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হব। এই ভোট কেন্দ্ৰ সমুহত খোৱা পানীৰ ব্যৱস্থাৰ উপৰিও বহাৰ বাবে সুব্যৱস্থা কৰা হব। হাটশিঙিমাৰী জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই এই সমগ্ৰ তথ্য আজি সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰি জিলাবাসী সকলো লোকক ৭ মে’ তাৰিখে পুৱা ৭ বজাৰ পৰাই ভোটগ্ৰহন কেন্দ্ৰত আহি ভোটদান কৰিবলৈ আহ্বান জনাইছে।

লক্ষণীয় যে ভূৱা আৰু পেইড নিউজৰ ওপৰত জিলা প্ৰশাসনে চোকা দৃষ্টি ৰাখিব বুলি জিলা অতিৰিক্ত আয়ুক্তা নন্দিতা চহৰীয়াই জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments