ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো আজি অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, জিলাৰ সদৰত থকা একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান হাটশিঙিমাৰী মহাবিদ্যালয়ত কটকটীয়া নিৰাপত্তাৰ মাজত আজি অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰা হয়। হাটশিঙিমাৰী মহাবিদ্যালয় পৰীক্ষা কেন্দ্ৰত জিলাখনৰ মুঠ ১৮৬ গৰাকী শিক্ষাৰ্থী অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হয়। হাটশিঙিমাৰী জিলা প্ৰশাসনৰ উদ্যোগত জিলা আৰক্ষী প্ৰশাসনে দুই তৰফীয়া কটকটীয়া নিৰাপত্তাৰ মাজত এই পৰীক্ষা অনুষ্ঠিত কৰে। পৰীক্ষা কেন্দ্ৰলৈ প্ৰবেশ কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীক তন্ন তন্ন কৰি তালাচী চলাই ভিতৰলৈ প্ৰবেশ কৰিবলৈ দিয়া হয়। জিলাখনত সম্পূৰ্ণ কটকটীয়া নিৰাপত্তাৰ মাজত নিকা আৰু শান্তিপূৰ্ণভাৱে অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰা হয়।




