Sunday, September 15, 2024
Google search engine
গৃহস্থানীয়মানকাচৰ-বাংলাদেশ সীমান্তত ২২ টা চোৰাং পশুধন জব্দ

মানকাচৰ-বাংলাদেশ সীমান্তত ২২ টা চোৰাং পশুধন জব্দ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ অধীনস্থ হাতীৰচৰ এলেকাত যোৱা নিশা বিএছএফে ২২ টা গৰু-ম’হ আৰু ঘোঁৰা জব্দ কৰিছে। সৰবাহকাৰীয়ে পশুধন কেইটা চৰ সীমান্তয়েদি বাংলাদেশত নিয়া অৱস্থাত ৪৯ নং বেটেলিয়ান বিএছএফে পশুধন কেইটা জব্দ কৰে বুলি জানিব পৰা গৈছে। জব্দ কৰা পশুধনকেইটাৰ ভিতৰত ৩ টা ঘোৰা, ৪ টা ম’হ আৰু ১৫ টা গৰু বুলি জানিব পৰা গৈছে। ইতিমধ্যে বিএছএফে পশুধন কেইটা সুখচৰ থানাত গতাই দিয়াত আৰক্ষীয়ে পশুধন কেইটা জনকল্যাণ গোশালাক চমজাই দিছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments