Friday, October 18, 2024
Google search engine
গৃহস্থানীয়নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতে মানকাচৰ ওলাইছে লাখে লাখে টকা

নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতে মানকাচৰ ওলাইছে লাখে লাখে টকা

লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ লগে লগে তৎপৰ হৈছে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসন। জিলাখনৰ অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাত আৰক্ষীয়ে নাকা বহুৱাই মেঘালয়ৰ লগতে বহি ৰাজ্যৰ পৰা প্ৰবেশ কৰা প্ৰতিখন বাহনত আৰক্ষী-চিআৰপিএফে চলাইছে তালাচী। ভোটাৰক প্ৰলোভন দি ভোট কিনাৰ বাবে কোনো লোকে যাতে জিলাখনত  অবৈধ ভাৱে ধন আনিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসন এইদৰে ততপৰ হৈ উঠিছে। আজি সন্ধিয়া প্ৰায় ৭ বজাত মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী মিৰজুমালাত আৰক্ষী-চিআৰপিএফে নাকা বহুৱাই স্কুটী এখনৰ পৰা ২.৪৪ লাখ নগদ ধন জব্দ কৰিছে। জব্দ কৰা ধন খিনি এম এল 08  এইচ 4532 নম্বৰৰ স্কুটী এখনেৰে মইদুল ইছলাম নামৰ লোকজনে মানকাচৰলৈ আনি আছিল। মইদুল ইছলাম মানকাচৰৰ ২ নং পূৱেৰ গাঁৱৰ প্ৰয়াত নাজিৰ হুছেইনৰ পুত্ৰ মইদুল ইছলাম বুলি আৰক্ষী সুত্ৰে জানিবলৈ দিছে। ধনখিনিৰ উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে মইদুলৰ পৰা ধনখিনি জব্দ কৰা হৈছে। লক্ষণীয় যে কালিও দক্ষিণ শালমাৰাৰ অসম-মেঘালয় সীমান্তৱৰ্তী কলাবাৰী এলেকাৰ পৰা আৰক্ষীয়ে ১.৬ লাখ নগদ ধন জব্দ কৰিছিল। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজাবালা থানা এলেকাৰ অধীনস্থ মাগুৰমাৰী গাঁৱৰ আব্দুছ ছবুৰ সেখৰ পুত্ৰ সাহিৰুল ইছলাম নামৰ লোকজনে নগদ ধনখিনি দক্ষিণ শালমাৰালৈ নি থকা অৱস্থাত আৰক্ষীয়ে নাকা চেকিঙৰ জৰিয়তে জব্দ কৰে। সাহিৰুলে ধনখিনিৰ উপযুক্ত প্ৰমাণ দিব পৰা নাই বুলি আৰক্ষী সুত্ৰে জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments