Sunday, September 15, 2024
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰাৰ পাটাকাটা সপ্তাহিক বজাৰ স্থানান্তৰক লৈ ব্যৱসায়ীৰ অসন্তষ্টি

দক্ষিণ শালমাৰাৰ পাটাকাটা সপ্তাহিক বজাৰ স্থানান্তৰক লৈ ব্যৱসায়ীৰ অসন্তষ্টি

বিগত প্ৰায় ৫ বছৰ ধৰি দক্ষিণ শালমাৰাৰ পাটাকাটাত চলি থকা সাপ্তাহিক বজাৰখন যোৱা প্ৰায় এমাহ পূৰ্বে স্থানান্তৰ কৰাক লৈ অঞ্চলটোৰ ব্যৱসায়ী-জনতাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলা পৰিষদৰ পৰা পাটাকাটা গাওঁ পঞ্চায়তৰ সচিব বাহেজ আলী মণ্ডলক বজাৰ বহুৱাবলৈ কোনো আপত্তি নাই বুলি প্ৰমাণ পত্ৰ দিয়া হৈছে। ইয়াৰ পাচতেই সম্পাদকজনে নিজৰ এডোখৰ ভূমিত নতুনকৈ সপ্তাহিক বজাৰ আৰম্ভ কৰিছে। ফলত প্ৰায় ১ কিলোমিটাৰ নিলগত থকা পুৰণি সপ্তাহিক বজাৰখন বন্ধ হৈ পৰাৰ দিশে।

পুৰণি সপ্তাহিক বজাৰত সহস্ৰাধিক ব্যৱসায়ীয়ে দেওবাৰে দোকান বহুৱাই ব্যৱসায় কৰে। কিন্তু নতুন বজাৰত দোকান বহুৱাবলৈ ঠাইৰ অভাৱ হোৱাত একাংশ ব্যৱসায়ী বিগত প্ৰায় এমাহ ধৰি দোকান দিব নোৱাৰাত ব্যৱসায়ীসকলে লোকচানৰ সম্মুখীন হয়। পূৰ্বৰ বজাৰখনৰ কাষত নাওঘাট থকাৰ লগতে যাতায়ত ব্যৱস্থা সুচল হোৱাৰ বিপৰীতে নতুন বজাৰখনত যাতায়াত ব্যৱস্থা সুবিধাজনক নহয়। লগতে নাওঘাট নথকাত চৰ এলেকাৰ পৰা অহা শ-শ ব্যৱসায়ী-গ্ৰাহকসকল বিপদত পৰিছে।

এনে পৰিস্থিতৰ বাবে পুৰণি বজাৰৰ কেইবা শতাধিক ব্যৱসায়ী আৰু ৰাইজে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক এখন অভিযোগ পত্ৰ দাখিল কৰি পুৰণি ঠাইখনতে সপ্তাহিক বজাৰখন বাহাল ৰখাৰ দাবী তুলিছে। অভিযোগকাৰী ব্যৱসায়ীসকলে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে- পঞ্চায়তখনৰ অধীনত অন্য যিকোনো স্থানত আৰু কেইবাটা ঠাইতো দৈনিক বজাৰ হোৱাত তেওঁলোকৰ কোনো আপত্তি নাই। পুৰণি বজাৰখনৰ বাবে স্থানীয় ৰাইজে বিনাচৰ্তে ৭-৮ বিঘা ভূমি দান কৰি সপ্তাহিক বজাৰ হোৱাত আপত্তি নাই বুলি এন ও চি পত্ৰ প্ৰদান কৰে।

বিগত প্ৰায় এমাহ ধৰি নতুন সপ্তাহিক বজাৰখন চলি থকাত অধিকাংশ ব্যৱসায়ী ক্ষতিগ্ৰস্থ হোৱাৰ ফলত বুধবাৰে শতাধিক ব্যৱসায়ী-স্থানীয় লোকে জিলাৰ সদৰ হাটশিঙিমাৰীত উপস্থিত হৈ জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খান আৰু মুখ্য কাৰ্যবাহী বিষয়া ফজলুৰ ৰহমান লস্কৰক সাক্ষাৎ কৰি পূৰ্বৰ স্থানত সপ্তাহিক বজাৰখন স্থানান্তৰ কৰাৰ দাবী জনায়।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments