Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়মানকাচৰ-বাংলাদেশ সীমান্তত চোৰাং পশুধন, চেনী জব্দ

মানকাচৰ-বাংলাদেশ সীমান্তত চোৰাং পশুধন, চেনী জব্দ

মানকাচৰ-বাংলাদেশ সীমান্তয়েদি অব্যাহত আছে পশুধনৰ চোৰাং ব্যৱসায়ী। মঙলবাৰৰ সন্ধিয়া প্ৰায় ৭ বজাত সুখচৰ আৰক্ষীয়ে খোপাতীয়া এলেকাত অভিযান চলাই ১০ টা চোৰাং গো-ধন জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ৪খন থানা এলেকাৰ ভিতৰত দক্ষিণ শালমাৰা আৰু সুখচৰ থানা এলেকায়েদি চোৰাং পশুধন সৰবৰাহ অত্যাধিক ভাবে বৃদ্ধি পাবলৈ ধৰিছে।

এই থানা এলেকা দুটাৰ অধীনত থকা ভাৰত-বাংলাদেশ সীমান্তৰ প্ৰায় ৯৫ শতাংশ এলেকাত নদী তথা উন্মুক্ত চৰ সীমান্ত। গো-মাফিয়াসকলে এই উন্মুক্ত নদী তথা চৰ এলেকা বাছি লৈ গো-ধন আৰু ম’হ বাংলাদেশলৈ সৰবৰাহ কৰে। বিশেষকৈ ব্ৰহ্মপুত্ৰত পানী বৃদ্ধি পালে এই থানা এলেকা দুটাত চোৰাং কাৰবাৰ নিয়ন্ত্ৰণহীন হৈ পৰে। বৰ্তমান বৰলুইতৰ পানী বৃদ্ধি পোৱাৰ সুযোগ লৈ গো-মাফিয়াই সৰবৰাহকাৰীৰ সহযোগত বাংলাদেশলৈ গো-ধন আৰু ম’হ সৰবৰাহ কৰি আহিছে।

মঙলবাৰৰ সন্ধিয়া সুখচৰ আৰক্ষীৰ দলে এনে গো-ধন সৰবৰাহৰ গোপন খবৰ লাভ কৰি খোপাতীয়া তৃতীয় খণ্ড গাঁৱত অভিযান চলায়। সৰবৰাহকাৰীৰ দল এটাই খেতিপথাৰৰ মাজেৰে গো-ধন কেইটা বাংলাদেশ সীমান্তৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ফালে নি থকা অৱস্থাত জব্দ কৰে যদিও আৰক্ষীৰ চকুত ধূলি দি সৰবৰাহকাৰী কেইটা পলায়ন কৰে।

ইফালে বুধবাৰৰ পুৱতি নিশা সুখচৰ থানা এলেকাৰ অধীনস্থ নতুন দেওৱানেৰ আলগা চৰত ৪৯ নং বেটেলিয়ান বিএছএফে ৯ বস্তা চোৰাং চেনী জব্দ কৰিছে। জব্দ কৰা চেনিখিনি সৰবৰাহকাৰীয়ে বাংলাদেশলৈ সৰবৰাহৰ বাবে আনিছিল বুলি বিএছএফ সূত্ৰে জানিবলৈ দিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments