Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়বাউছকাটা সমবায় সমিতিত ৩৭ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

বাউছকাটা সমবায় সমিতিত ৩৭ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

অহা ১৭ আগষ্টত দক্ষিণ শালমাৰাৰ ৰাভাটাৰী-বাউছকাটা সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হব। মুঠ ১৫ টা পদৰ বাবে সমবায় সমিতি খনত ৩৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ আছিল। ক শাখা অৰ্থাত সবল শ্ৰেনীৰ ৮ টা পদৰ বিপৰীতে ২৩ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। একেদৰে খ  শাখা অৰ্থাত দূৰ্বল শ্ৰেনীৰ ৪ টা পদৰ বিপৰীতে ৭ জন প্ৰাৰ্থী, মহিলা সংৰক্ষিত আসনৰ ২ টা পদৰ বিপৰীতে ৪ জনী প্ৰাৰ্থী আৰু অনুসূতিত জাতী জনজাতী সংৰক্ষিত ১ টা পদৰ বিপৰীতে ৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। কাইলৈ মনোননয় পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ। প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত ৰিটাৰ্নিং বিষয়া ইছফাকুৰ ৰহমান উপস্থিত আছিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments