Saturday, July 27, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত জিলা আয়ুক্তই কৰিলে মিছন ইন্দ্ৰধেনু ৫.০ অভিযানৰ শুভ উদ্ধোধন

মানকাচৰত জিলা আয়ুক্তই কৰিলে মিছন ইন্দ্ৰধেনু ৫.০ অভিযানৰ শুভ উদ্ধোধন

দেশ তথা ৰাজ্যৰ আন আন জিলাৰ সমান্তৰাল ভাৱে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো আজি মিছন ইন্দ্ৰধেনু ৫.০ অভিযান শুভ উদ্ধোধন কৰা হয়। জিলা খনত কেন্দ্ৰীয় ভাবে গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পুৱা ১০ বজাত জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী মুখ্য অতিথি হিচাপে উপস্থিত থাকি এটি শিশু হিতাধিকাৰীক ভেকচিন প্ৰদান কৰি মিছন ইন্দ্ৰধেনু ৫.০ অভিযান আৰম্ভ কৰে। এই অভিযানৰ জৰিয়তৰ জিলা খনত মুঠ ৪৪৬০ গৰাকী শিশু তথা গৰ্ভৱতী  হিতাধিকাৰীক নিয়মীয়া ভেকচিনৰ উপৰিও ৰুৱেলা আৰু মিজিল্ছ মুক্ত ভেকচিন প্ৰদান কৰা হব। আজিৰ পৰা ১২ আগষ্ট তাৰিখলৈ ৬ দিন ধৰি এই ভেকচিন প্ৰদানৰ কাৰ্য্যসূচী চলিব। নিয়মীয়া তথা মিজিলছ ভেকচিন লোৱাৰ পৰা বাদপৰা শিশু সকলক এই ভেকচিন প্ৰদান কৰা হব বুলি জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী আৰু জিলা টীকাকৰন বিষয়া ডাঃ চিৰাজুল ইছলাম জানিবলৈ দিছে। আজিৰ পৰা ১২ আগষ্টলৈ প্ৰথম পৰ্যায়ত ভেকচিন প্ৰদানৰ পাচত অহা ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহতো ৬ দিনীয়াকৈ বাদপৰা হিতাধিকাৰীক ভেকছিন প্ৰদান কৰা হব। তিনিটা পৰ্যায়ত জিলাখনত ১০০ শতাংশ ভেকচিন প্ৰদান সুনিশ্চিত কৰিবলৈ জিলা স্বাস্থ্য বিভাগে একাংশ সমাজসেৱক, আশাকৰ্মী, শিক্ষকৰ উপৰিও বুদ্ধিজীৱি আৰু অধিবক্তা সকলক বাচনি কৰি লৈছে। উক্ত ব্যক্তি সকলে গাঁৱে গাঁৱে হিতাধিকাৰী সকলক ভেকচিন লোৱা সম্পৰ্কে সজাগতামুল প্ৰচাৰ চলাই স্বাস্থ্য বিভাগৰ এই ভেকচিন প্ৰদান কাৰ্যসূচীত সহায়-সহযোগিতা কৰিব বুলি জিলা টীকাকৰণ বিষয়া ডাঃ ছিৰাজুল ইছলামে জানিবলৈ দিছে। জিলাখনত মুঠ ৭০ টা স্থানত ৰুবেলা আৰু মিজিল্চৰ ভেকচিন প্ৰদানত স্পৰ্শকাতৰ এলেকা বুলি জিলা স্বাস্থ্য বিভাগে চিনাক্ত কৰিছে। উক্ত গাওঁ সমূহতো সমাজসেৱক সকলে সহায় কৰি ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে। লক্ষণীয় যে আজি মুকলি অনুষ্ঠানত জিলা আয়ুক্ত বিদ্যুত বিকাশ ভাগৱতী, জিলা টিকাকৰণ বিষয়া ডাঃ ছিৰাজুল ইছলাম, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক সুজিত কুমাৰ দাসৰ লগতে কেবাগৰাকী চিকিতসক, স্বাস্থ্য কৰ্মী, পঞ্চায়ত প্ৰতিনিধি, সমাজসেৱক, বুদ্ধিজীৱি আৰু আশাকৰ্মী সকল উপস্থিত আছিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments