Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত ১৬টা চোৰাং পশুধন সহ গ্ৰেপ্তাৰ এজন

মানকাচৰত ১৬টা চোৰাং পশুধন সহ গ্ৰেপ্তাৰ এজন

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দুটা পৃথক স্থানত আৰক্ষী আৰু বিএছএফে অভিযান চলাই ১৬ টা চোৰাং পশুধন সহ এজন গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। প্ৰাপ্ত বাতৰি মতে, কালাপানী আৰক্ষী চকীৰ আৰক্ষীৰ দল এটা যোৱা নিশা প্ৰায় ৯ বজাত কালাপানীৰ বালিয়াবিল এলেকাত অভিযান চলাই ৬ টা চোৰাং গৰু সহ এজন গৰু সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে লোকজনক জেৰাৰ পাচত গ্ৰেপ্তাৰ কৰি আজি হাটশিঙিমাৰী জিলা মুখ্য ন্যায়াধীশ আদালতত হাজিৰ কৰাত আদালতে সৰবৰাহকাৰীজনক ধুবুৰী জে’ললৈ প্ৰেৰণ কৰিছে। ধৃত সৰবৰাহকাৰীজনক বালিয়াবিল গাঁৱৰ সাহা আলমৰ পুত্ৰ জবেদ আলী বুলি চিনাক্ত কৰা হৈছে। ইফালে সুখচৰ থানাৰ উপ পৰিদৰ্শনক ইশান জ্যোতি শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ দল এটা ৫ আগষ্টৰ নিশা প্ৰায় ৯ বজাত ব্ৰহ্মপুত্ৰৰ কাষত অভিযান চলাই ১০ টা চোৰাং ম’হ জব্দ কৰিছে। জব্দ কৰা গৰু আৰু ম’হ কেইটা সৰবৰাহকাৰীয়ে বাংলাদেশ সীমান্তৰ ফালে নি থকাৰ বাবে আৰক্ষীয়ে জব্দ কৰা বুলি দাবী কৰিছে। বৰ্তমানে পশুধনকেইটা গোশালাত জমা কৰা হৈছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments