Sunday, September 15, 2024
Google search engine
গৃহস্থানীয়মেহেক জুৱেলাৰীত চুৰি । লুটিলে ১৫ লাখ টকাৰ সোনৰ অলংকাৰ

মেহেক জুৱেলাৰীত চুৰি । লুটিলে ১৫ লাখ টকাৰ সোনৰ অলংকাৰ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ ফেকামাৰী বজাৰত থকা মেহাক জুৱেলাৰীত নিশা চোৰে তাণ্ডৱলীলা চলাই ১৫ লক্ষাধিক টকাৰ সোন আৰু হীৰাৰ অলংকাৰ লুটি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত বাতৰি মতে, প্ৰতি নিশাৰ দৰে কালিও নিশা প্ৰায় ৯ বজাত জুৱেলাৰী খন বন্ধ কৰি যোৱাৰ পাচত নিশা চোৰে দোকানখনৰ ওপৰৰ টিনপাত খুলি ভিতৰত প্ৰবেশ কৰে। চোৰে ভিতৰত সামগ্ৰী লণ্ডভণ্ড কৰাৰ লগতে ১৫ লক্ষাধিক টকাৰ অলংকাৰ লুট কৰি নিয়ে। দোকানখনৰ পৰা ৯ টা সোনৰ চেইন, ১১ টা সোনৰ খাৰু, ৯ টা সোনৰ ৰিং,  ৫ টা সোনৰ আঙুঠি, ৩৫ টা সোনৰ নাকপুলি আৰু ২ টা হীৰাৰ নাকপুলি চোৰে লুটি নিছে। এই সামগ্ৰী খিনিৰ বজাৰমুল্য ১৫ লাখ ৭,৯৮০ টা বুলি মেহাক জুৱেলাৰী কতৃপক্ষ মইনুল হকে জানিবলৈ দিছে। আজি পুৱা প্ৰায় ১১ বজাত জুৱেলাৰী দোকানখন খোলাৰ পাচত এই ঘটনা পোহৰলৈ অহাত জুৱেলাৰীৰ মালিক লাজুকি বেগম খাৰুৱাবান্ধা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। বিয়লি প্ৰায় ৫ বজাত আৰক্ষী ঘটনাস্থালীত উপস্থিত হৈ তদন্ত চলাই চলায়। মইনুল হকে জানিবলৈ দিয়া মতে পি.এম.ই.জি.পি আঁচনিৰ জৰিয়তে তেওঁ বেংকৰ পৰা ১০ লাখ টকাৰ ঋণ গ্ৰহন কৰি কিছুদিন পূৰ্বে এই জুৱেলাৰী খন মুকলি কৰিছিল। লক্ষণীয় যে জুৱেলাৰী খনত চিটি গোল্ডৰ বহু সামগ্ৰী আছিল যদিও চোৰে চিটি গোল্ডৰ সামগ্ৰী, লেপটপ আদি এৰি থৈ যোৱাৰ বিপৰীতে সোন আৰু হীৰাৰ আলংকাৰখিনি লুটি লৈ গৈছে। আনহাতে টিনপাত আৰু ছিলিং কাটিবলৈ ব্যৱহাৰ কৰা এটা কাটাৰ চোৰে এৰি থৈ গৈছে। আৰক্ষীয়ে কাটাৰখন উদ্ধাৰ কৰি জব্দ কৰিছে। আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে। 

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments