Sunday, September 15, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ চেংগুৰচৰত বজ্ৰপাত পৰি মহিলাৰ মৃত্যু । আহত দুজনক চিকিৎসালয়ত ভৰ্তি।

মানকাচৰৰ চেংগুৰচৰত বজ্ৰপাত পৰি মহিলাৰ মৃত্যু । আহত দুজনক চিকিৎসালয়ত ভৰ্তি।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ চেংগুৰচৰ-বৰাইকান্দি গাঁৱত আজি দূপৰীয়া  প্ৰায় ১ বজাত কৃষি পথাৰত বজ্ৰপাত পৰি এগৰাকী মহিলা নিহত হোৱাৰ লগতে দুজন লোক আহত হৈ চিকিৎসাধীন হবলগীয়া হৈছে। প্ৰাপ্ত বাতৰি মতে পুৱাৰে পৰা জিলাখনত কিনকিনিয়া বৰষুণ হৈ থকাৰ মাজত একাংশ বনুৱা পথাৰত কাম কৰি থকাৰ সময়ত  হঠাৎ বজ্ৰপাত পৰে। এই বজ্ৰপাতত গাওঁখনৰ ছলেমান সেখৰ পত্নী আমেনা বেগম (৩৬) থিতাতে নিহত হোৱাৰ লগতে জহিৰুল ইছলামৰ পুত্ৰ মনোৱাৰ হুছেইন (৩০) আহত হয়। আনহাতে নিহত মহিলাগৰাকীৰ শিশু পুত্ৰ মাতৃৰ স্পৰ্শত অহাৰ কিছু সময় পাচত আমিৰ হামজা (১৪) নামৰ শিশুটি আহত হয়। আহতদ্বয়ত বৰ্তমান হাটশিঙিমাৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা চলাই থকা হৈছে। মানকাচৰ আৰক্ষী গাঁৱখনত উপস্থিত হৈ নিহত মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহন কৰিছে। জিলা কাৰ্যবাহী দণ্ডাধীশ জ্ঞানজ্যোতি দত্ত আৰক্ষীৰ সৈতে ঘটনাস্থলীত উপস্থিত আছিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments