Friday, October 18, 2024
Google search engine
গৃহস্থানীয়কাইলৈ সুখচৰ সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচন

কাইলৈ সুখচৰ সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচন

কাইলৈ সুখচৰ সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। সমবায় সমিতিখনৰ নিৰ্বাচনৰ বাবে ১৫ টা পদত মুঠ ৪৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। এইবাৰ সমবায় সমিতিখনত মুঠ ৩৭১৯ গৰাকী অংশীদাৰ ভোটাৰে ভোটদান কৰি প্ৰাৰ্থী কেইজনৰ ভাগ্য নিৰ্ণয় কৰিব। সমবায় সমিতিখনত ৪ টা সবল প্ৰাৰ্থীৰ বাবে ১২ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। আনহাতে ৮ টা দূৰ্বল প্ৰাৰ্থীৰ বাবে ২৪ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। একেদৰে ২খন মহিলা আসনৰ বাবে ৬ জনী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। অনুসূচিত জনজাতীৰ এখন আসনৰ বাবে ৩ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। দক্ষিণ শালমাৰাৰ বাউছকাটা সমবায় সমিতিতো অহা ১৭ আগষ্ট তাৰিখে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হব। বাউছকাটা সমবায় সমিতিত ১৫ টা পদৰ বাবে ৩৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments