Saturday, July 12, 2025
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীৰ বেপাৰীপাৰাত মাৰপিটত আহত ১৪, সংকটজনক স্বামী-স্ত্ৰীক জিএমচিএইচলৈ প্ৰেৰণ

হাটশিঙিমাৰীৰ বেপাৰীপাৰাত মাৰপিটত আহত ১৪, সংকটজনক স্বামী-স্ত্ৰীক জিএমচিএইচলৈ প্ৰেৰণ

সুখচৰ থানা এলেকাৰ অধীনস্থ বেপাৰীপাৰাত কালি সংঘটিত হোৱা মাৰপিটৰ ঘটনাক লৈ  নিশা সংকটজনক অৱস্থাত দুজনক উন্নত চিকিতসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত প্ৰেৰণ কৰা হৈছে। বেপাৰীপাৰাৰ ৰমজান নামৰ লোকজনে নিজৰ পত্নী আৰমিনা খাতুন প্ৰহাৰ কৰি থকা অৱস্থাত গাওঁখনৰ আলিনুৰ বেপাৰী মহিলাগৰাকীক উদ্ধাৰৰ বাবে যোৱাত দুই ফৈদৰ মাজত মাৰপিট সংঘটিত হয়। এই ঘটনাত মুঠ ১৪ জন লোক আহত হৈ হাস্পাতালত ভৰ্তি হবলগীয়া হৈছে। ইয়াৰে আলিনুৰ বেপাৰী আৰু তেওঁৰ পত্নী ৰিনা খাতুনৰ অৱস্থা সংকটজনক হোৱা বাবে দুয়োক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত প্ৰেৰণ কৰা হৈছে। আহত ১৪ জনৰ ভিতৰত বাকী আহত সকল সংকটমুক্ত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই থকা পৰিলক্ষিত হৈছে। গুৱাহাটীলৈ প্ৰেৰণ কৰা দুয়োজন বৰ্তমানে সংকটজনক অৱস্থাত চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments