Sunday, July 6, 2025
Google search engine
গৃহস্থানীয়মানকাচৰ-বাংলাদেশ সীমান্তত ৭ টা চোৰাং পশুধন সহ গ্ৰেপ্তাৰ এজন

মানকাচৰ-বাংলাদেশ সীমান্তত ৭ টা চোৰাং পশুধন সহ গ্ৰেপ্তাৰ এজন

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দুটা পৃথক স্থানত বি এছ এফে ৭টা চোৰাং পশুধনসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।

প্ৰাপ্ত বাতৰি মতে, খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ শিশুমাৰা বিএছএফ কেম্পৰ ৪৫ নং বেটেলিয়ান বি এছ এফে ২ টা চোৰাং পশুধনসহ এজন পশুধন সৰবৰাহকাৰীক শনিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত কৰায়ত্ত কৰিছে।

ধৃত সৰবৰাহকাৰীটোক জিলাখনৰ সুখচৰ থানা এলেকাৰ অধীনস্থ বৰাইৰ আলগা চৰৰ প্ৰয়াত হাসমত আলীৰ পুত্ৰ আবু হানিফ সেখ (১৮) বুলি চিনাক্ত কৰা হৈছে। খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ ফুলেৰচৰ গাঁৱৰ ছাদ্দাম নামৰ গো-মাফিয়াৰ পৰা পশুধন দুটা সৰবৰাহৰ বাবে সীমান্তলৈ নি বাংলাদেশত সৰবৰাহ কৰাৰ সময়ত টহলধাৰী বি এছ এফ বাহিনীয়ে কৰায়ত্ত কৰি খাৰুৱাবান্ধা আৰক্ষী চকীত গতাই দিয়া বুলি বিএছএফ সূত্ৰে জানিবলৈ দিছে।

খাৰুৱাবান্ধা আৰক্ষী সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰি আদালতত প্ৰেৰণ কৰাত আদালতে ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে। ব্যৱসায়ী ছাদ্দামৰ বিৰুদ্ধে আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

যোৱা সপ্তাহত শিশুমাৰা বিএছএফ ৫১ টা চোৰাং পশুধনসহ ২৪ জন সৰবৰাহকাৰীক উন্মুক্ত নদী সীমান্তৰ জনশূন্য চৰ এখনৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। সেই সময়ত ছালাম নামৰ গো-মাফিয়াৰ নাম পোহৰলৈ অহা বুলি বিএছএফ সূত্ৰে জানিবলৈ দিছিল। ছালামৰ বিৰুদ্ধে আজিলৈ খাৰুৱাবান্ধা আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই।

ইফালে শুকুৰবাৰে মাজনিশা প্ৰায় ১২ বজাত সুখচৰ থানা এলেকাৰ অধীনস্থ ছালাপাৰাৰ পৰা ৫ টা চোৰাং গৰু বিএছএফে জব্দ কৰিছে। ৪৯ নং বেটেলিয়ান বিএছএফে গৰু কেইটা জব্দ কৰি সুখচৰ আৰক্ষীৰ হাতত গতাই দিছে।

লক্ষণীয় যে বৰ্তমানে সুখচৰ আৰু দক্ষিণ শালমাৰা থানা এলেকাৰ লগতে খাৰুৱাবান্ধা আৰক্ষী চকী এলেকায়েদি চোৰাং পশুধনৰ সৰবৰাহ ব্যাপক হাৰে বৃদ্ধি পাইছে। কিন্তু ৰহস্যজনক ভাবে আৰক্ষীয়ে চোৰাং পশুধন কৰায়ত্ত কৰাত একপ্ৰকাৰে ব্যৰ্থ হোৱাৰ বিপৰীতে সৰবৰাহকাৰী আৰু গো-মাফিয়াৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই।

আৰক্ষী চকী আৰু থানা অতিক্ৰম কৰি গো-মাফিয়া সীমান্তলৈ গৰু নিয়াৰ পাচত বিএছএফেহে ধৰিবলগীয়া হৈছে। এফালে দেশ নিৰাপত্তাৰ বাবে বিএছএফ বাহিনী সীমান্তত কটকটীয়া নিৰাপত্তা প্ৰদান কৰিব লাগে আনফালে দেশৰ ফালৰ পৰা গো-মাফিয়া-সৰবৰাহকাৰীৰ অত্যাচাৰত দেশৰ নিৰাপত্তা ভাবুকিত পৰিবলগীয়া হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments