Friday, February 13, 2026
Google search engine
গৃহস্থানীয়মানকাচৰৰ কাকৰিপাৰাত গেলামালৰ দোকানত চুৰি

মানকাচৰৰ কাকৰিপাৰাত গেলামালৰ দোকানত চুৰি

মানকাচৰ থানা এলেকাৰ অধীনস্থ কাকৰিপাৰা বজাৰত আতাউল ইছলাম নামৰ লোকজনৰ গেলামালৰ দোকানত যোৱা নিশা এক চুৰিকাণ্ড সংঘটিত হৈছে। দোকান খনৰ পৰা ১৯ বস্তা চাউল, Helices, মিঠাতেল, ৫ কাৰ্টন ছিগাৰেট আৰু প্ৰসাধন সামগ্ৰী সহ কেবালক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰিছে। বজাৰখনত গাওঁৰক্ষী বাহিনীৰ পহৰা থকাৰ পাচতো গেলামালৰ দোকানত চুৰি হোৱা ঘটনাক লৈ দোকানী জনে মানকাচৰ থানাত এজাহাৰ দাখিল কৰিছে। যোৱা নিশা ভিডিপিৰ ডিউটি কৰা এজন সদস্যৰ বিৰুদ্ধে দোকানী জনে সন্দেহ প্ৰকাশ কৰি তেওঁৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰাৰ পাচত আৰক্ষীয়ে দোকানখনত উপস্থিত হৈ তদন্ত চলায়। বৰ্তমানলৈকে চুৰি সামগ্ৰী উদ্ধাৰ কৰিব পৰা নাই।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments