হাটশিঙিমাৰীৰ বিভিন্ন এলেকাত থকা বিদ্যালয় আৰু হাস্পাতালৰ ওচৰৰ দোকান সমূহত আজি খাৰুৱাবান্ধা আৰক্ষীয়ে ধপাত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলায়। খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰেণ বংৰুমৰ নেতৃত্বত আৰক্ষীৰ দল এটা খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়, হাটশিঙিমাৰী জিলা চিকিতসালয় আৰু নামনি অসম জাতীয় বিদ্যালয়ৰ কাষত থকা দোকান সমূহত অভিযান চলাই গুটকা তথা ধপাত জাতীয় সামগ্ৰী উদ্ধাৰ কৰি জব্দ কৰিছে। বিদ্যালয় আৰু হাস্পাতালৰ পৰা ১০০ মিটাৰ এলেকাৰ ভিতৰত কোনো দোকানীয়ে যাতে গুটকা আৰু ধপাত জাতীয় সামগ্ৰী বিক্ৰী নকৰে তাৰ বাবে আৰক্ষীয়ে দোকানী সকলক সকিয়নি প্ৰদান কৰিছে। অনাগত দিনত দোকানী সকলে বিদ্যালয় আৰু হাস্পাতালৰ কাষত ধপাত জাতীয় সামগ্ৰী বিক্ৰী কৰিলে আইনগত ব্যৱস্থা লোৱা হব বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে।