Friday, July 11, 2025
Google search engine
গৃহস্থানীয়৯ মাহ পূৰ্বে পুত্ৰক হত্যা । আদালতত সাক্ষী নিদিবলৈ পিতৃক হাত বান্ধি...

৯ মাহ পূৰ্বে পুত্ৰক হত্যা । আদালতত সাক্ষী নিদিবলৈ পিতৃক হাত বান্ধি নিৰ্মম প্ৰহাৰ ! দুজনক গ্ৰেপ্তাৰ

মানকাচৰ থানা এলেকাৰ অধীনস্থ সোনাপুৰৰ বেকাৰডোৱা গাঁৱত কালি বিয়লি আব্দুৰ ৰহিম নামৰ লোকজনক হত্যাৰ অভিযুক্ত এটা পৰিয়ালে ৰাস্তাৰ পৰা টানি নি হাত বান্ধি প্ৰহাৰ কৰা ঘটনাক লৈ গাওঁখনত উত্তেজনাময় পৰিবেশৰ সৃষ্টি হোৱাত আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে যোৱা ৭ ছেপ্টেম্বৰ তাৰিখে সোনাপুৰৰ পথাৰৰ বোকাৰ মাজত ১৪ বছৰীয়া এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছিল। ঘটনাৰ এক সপ্তাহ পূৰ্বে ছাত্ৰ জনঘৰৰ পৰা নিখোজ হৈ আছিল। মৃতদেহ উদ্ধাৰৰ পাচত আৰক্ষীয়ে গাঁৱখনৰ প্ৰয়াত মোকবুল হুছেইনৰ পুত্ৰ ছাইফুল ইছলামক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল। ছাইফুল ইছলাম বৰ্তমানে জেলৰ পৰা জামিনত মুকলি আকাশৰ তলত আহিছে। হত্যাকাণ্ডক লৈ আদালতত বিচাৰপ্ৰক্ৰিয়া চলি থকাৰ মাজত কালি ভূক্তভূগী ছাত্ৰ জনৰ পিতৃ আব্দুৰ ৰহিম বজাৰৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত হত্যাৰ অভিযুক্ত ছাইফুল ওৰফে টিকা আৰু তেওঁৰ ভাতৃ সাহিনুৰ ইছলাম ৰাস্তাৰ পৰা টানি নিজৰ ঘৰত লৈ হাতবান্ধি নিৰ্মম ভাবে প্ৰহাৰ কৰে। ঘটনাটো গাওঁবাসীয়ে প্ৰত্যক্ষ কৰাত সাধাৰণ লোক উত্তেজিত হৈ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে উত্তেজিত লোকে হত্যাৰ অভিযুক্ত পৰিয়ালৰ ঘৰত আক্ৰমণ চলাই পৰিয়ালটোক ঘেৰাও কৰি ৰাখে। কিছু সময় পাচত আৰক্ষীৰ দল উপস্থিত হৈ হাত বন্ধা অৱস্থাত আব্দুৰ ৰহমানক উদ্ধাৰ কৰি দুজনক কৰায়ত্ব কৰে। আৰক্ষীয়ে ছাইফুল ইছলাম ওৰফে টিকা  আৰু তেওঁৰ ভাতৃ সাহিনুৰ ইছলামক সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰি আজি হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰাত আদালতে দুয়োক জেললৈ প্ৰেৰণ কৰিছে।

    পূৰ্বৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হৈ জামিনত মুকলি আকাশৰ তলত অহা ছাইফুলৰ এনে কাণ্ডক লৈ গাওঁখনত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আব্দুৰ ৰহিমৰ পুত্ৰ হত্যাক লৈ আদালতত যাতে সাক্ষী নিদিয়ে তাৰ বাবে এইদৰে ৰাস্তাৰ পৰা উঠাই হাত বান্ধি প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments