Saturday, July 12, 2025
Google search engine
গৃহস্থানীয়মানকাচৰ-বাংলাদেশ সীমান্তৰ বৰাইৰ আলগাত নাওভৰ্তি চোৰাং চেনী জব্দ

মানকাচৰ-বাংলাদেশ সীমান্তৰ বৰাইৰ আলগাত নাওভৰ্তি চোৰাং চেনী জব্দ

চোৰাং পশুধন, ড্ৰাগছ, মদ, ভাং, তামোল আৰু চাউলৰ সমান্তৰাল ভাবে মানকাচৰ-বাংলাদেশ সীমান্তয়েদি চোৰাং চেনীৰ সৰবৰাহ চলি আছে। যোৱা কেইটামান দিনৰ ভিতৰত দুখন নাওঁ আৰু বৃহৎ পৰিমাণৰ চোৰাং চেনী সীমান্ত সুৰক্ষা বাহিনীয়ে জব্দ কৰাৰ পাচত চোৰাং চেনী সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে।

শেহতীয়াকৈ আজি বাংলাদেশ সীমান্তৰ বৰাইৰ আলগা বিএছএফ কেম্পৰ ৪৫ নং বেটেলিয়ান বি এছ এফে এক নাওঁ ভৰ্তি চোৰাং চেনী জব্দ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত বাতৰি মতে, উন্মক্ত চৰ তথা নদী সীমান্তত বৰাইৰ আলগা বি এছ এফ তহল দি থকা অৱস্থাত আজি পুৱতি নিশাৰ ভাগত যন্ত্ৰচালিত নাওঁ এখনত ৩৫ বেগ চোৰাং চেনীলৈ ব্ৰহ্মপুত্ৰয়েদি বাংলাদেশৰ ফালে গৈ থকা অৱস্থাত বি এছ এফে নাওঁসহ চেনীখিনি জব্দ কৰে।

বি এছ এফক দেখি সৰবৰাহকাৰী দলটো নদী সাঁতুৰি চৰৰ মাজত পলায়ন কৰিছে। নাওঁসহ চেনীখিনি জব্দ কৰি সুখচৰ থানাত গতাই দিয়া হৈছে বুলি জানিব পৰা গৈছে। চোৰাং চেনী আৰু নাঁওখনৰ মূল্য প্ৰায় ৪ লাখ টকা হ’ব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments