Saturday, July 12, 2025
Google search engine
গৃহস্থানীয়ভুৱা ফটোৰে মোকলাই নিলে চৰকাৰী আঁচনিৰ ২৮ লাখ টকা । CM VIGILANCE...

ভুৱা ফটোৰে মোকলাই নিলে চৰকাৰী আঁচনিৰ ২৮ লাখ টকা । CM VIGILANCE ত অভিযোগ

দক্ষিণ শালমাৰাৰ ধেনাৰকুটি-বালাডোবা সংযোগী পথ আৰু এটা কালভাৰ্টৰ লগতে ব’ল্ডাৰ পিচিং আৰু বৃক্ষ ৰোপণৰ নামত লোকনিৰ্মাণ বিভাগৰ ঠিকাদাৰ আৰু বিষয়া-কৰ্মচাৰীয়ে গোপন বুজাবুজি কৰি ভুৱা ফটো ব্যৱহাৰেৰে ২৮ লাখ টকা লুণ্ঠন কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী তদাৰকী শাখাত আজি এক অভিযোগ দাখিল কৰা হৈছে।

প্ৰাপ্ত বাতৰি মতে, দক্ষিণ শালমাৰা-মানাকচৰ জিলা লোকনিৰ্মাণ বিভাগৰ অধীনত থকা দক্ষিণ শালমাৰা ক্ষেত্ৰীয় পথ উপসংমণ্ডল জৰিয়তে ধেনাৰকুটি-বালাডোবা সংযোগী বিধস্ত পথ পুনৰ নিৰ্মাণৰ বাবে ২০২০-২১ বৰ্ষত এছ অ’ পি ডি আঁচনিৰ জৰিয়তে ৩৩ লাখ ৬৯ হাজাৰ ৯৩৬ টকা আৱণ্টন দিছিল। এই কামটো সম্পূৰ্ণ কৰাৰ বাবে বিভাগে ঠিকাদাৰ আলিম উদ্দীন মণ্ডলক দায়িত্ব প্ৰদান কৰিছিল।

ঠিকাদাৰ আলিম উদ্দীনে ৭০০ মিটাৰ কৰিবলগীয়া পথটো মাত্ৰ ৫০০ মিটাৰ পুনৰ নিৰ্মাণ কৰি কাম শেষ কৰাৰ লগতে পথৰ মাজত এটা কালভাৰ্ট নিৰ্মাণ কৰিছে । কালভাৰ্টটোৰ দুয়ো পাৰে ব’ল্ডাৰ পিচিং কৰা দেখুৱাই আৰু বৃক্ষ ৰোপন কৰি ঠিকাদাৰ আলিম উদ্দীন ইতিমধ্যে বিভাগৰ পৰা বিল আদায় লোৱাৰ অভিযোগ উত্থাপন হৈছে।

বিশেষকৈ ঠিকাদাৰজনে বিল লোৱাৰ ক্ষেত্ৰত এখন ভুৱা ফটো ব্যৱহাৰ কৰি বিল উঠোৱা বুলি দক্ষিণ শালমাৰা মানকাচৰ জিলা বিজেপিৰ সম্পাদক আমানুৰ উদ্দীন আহমেদে অভিযোগ তুলিছে। আমানুৰ উদ্দীনে কৰা অভিযোগ মতে, কালভাৰ্টৰ দুয়ো ফালে ঠিকাদাৰ আলিম উদ্দীনে ফটোৰ জৰিয়তে ব’ল্ডাৰ পিচিং কৰা দেখাইছে যদিও বাস্তৱত এই পথটোত আজিলৈ কোনো ব’ল্ডাৰ পিচিং কৰা হোৱা নাই।

দক্ষিণ শালমাৰা ক্ষেত্ৰীয় পথ উপসংমণ্ডলৰ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি ঠিকাদাৰ আলিম উদ্দীন মণ্ডলে এই বিল উঠোৱা বুলি বিজেপিৰ জিলা সম্পাদকজনে দাবী কৰিছে। বিষয়টোক লৈ কিছুদিন পূৰ্বে বিজেপিৰ জিলা সম্পাদক জনৰ লগতে স্থানীয় ৰাইজে উক্ত কালভাৰ্টটোৰ ওপৰত উত্তাল প্ৰতিবাদ কৰি ঠিকাদাৰ আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে তদন্তৰ দাবী তুলিছিল।

তদুপৰি যোৱা ২৩ জুন তাৰিখে হাটশিঙিমাৰী জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰা হৈছিল। জিলা প্ৰশাসনৰ ফালৰ পৰা ৰহস্যজনক ভাবে কোনো তদন্ত নকৰাত বিজেপিৰ সম্পাদক জনে যোৱা ১২ জুলাই তাৰিখে আন এখন পত্ৰ যোগে বিষয়টো তদন্তৰ বাবে উপায়ুক্তক দাবী জনায়।

কিন্তু আজিলৈ উপায়ুক্তগৰাকীয়ে এই কামৰ তদন্ত নকৰাত আজি বিজেপিৰ জিলা সম্পাদক জনে গুৱাহাটীৰ শ্ৰীমন্তপুৰস্থিত মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ কাৰ্যালয়ত উপস্থিত হৈ এখন লিখিত অভিযোগ দাখিল কৰিছে। ঠিকাদাৰ আলিম উদ্দীন মণ্ডল, বিভাগীয় বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে বিজেপিৰ জিলা সম্পাদকজনে উপযুক্ত তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী জনাইছে।

লক্ষণীয় যে, বিজেপিৰ জিলা সম্পাদকজনৰ আহ্বানত হোৱা তদন্তৰ সময়ত আমাৰ স্থানীয় সাংবাদিক ঘটনাস্থলীত উপস্থিত হৈ চৰজমিন তদন্তৰ পাচত তাত কোনো বৃক্ষ ৰোপন আৰু ব’ল্ডাৰ পিচিং কৰা দেখা পোৱা নাই। ইতিমধ্যে অসীমায় প্ৰতিদিন ডিজিটেলত বিষয়টো লৈ এক প্ৰতিবেদন প্ৰকাশ পাইছে।

ঠিকাদাৰ আলিম উদ্দীন মণ্ডল কম্পিউটাৰৰ জৰিয়তে ফটো এডিটিং কৰি ভুৱা ফটোৰে ২৮ লাখ টকাৰ বিল আদায় লোৱা বুলি উঠা অভিযোগৰ বাতৰি প্ৰকাশ কৰাৰ পাচতো দক্ষিণ শালমাৰা ক্ষেত্ৰীয় পথ উপসংমণ্ডলৰ ফালৰ পৰা বিষয়টো তদন্ত নকৰা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments