Thursday, July 10, 2025
Google search engine
গৃহস্থানীয়মানকাচৰ-বাংলাদেশ সীমান্তত বিদ্যুতস্পৃষ্ট হৈ দুই চোৰাং সৰবৰাহকাৰীৰ মৃত্যু

মানকাচৰ-বাংলাদেশ সীমান্তত বিদ্যুতস্পৃষ্ট হৈ দুই চোৰাং সৰবৰাহকাৰীৰ মৃত্যু

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ সঞ্জয় সাধু বিএছএফ কেম্প এলেকাৰ ছাটকৰাইবাৰীত আজি পুৱতি নিশা প্ৰায় ৩ বজাত বিদ্যুতস্পৃষ্ট হৈ দুই চোৰাং সৰবৰাহকাৰী মৃত্যুমুখত পৰা ঘটনাক লৈ মানকাচৰত ৰহস্যৰ সৃষ্টি হৈছে।

প্ৰাপ্ত বাতৰি মতে, দক্ষিণ শালমাৰা থানা এলেকাৰ অধীনস্থ কানাইমাৰা গাঁৱৰ ৰেজাউল কৰিমৰ পুত্ৰ বাপ্পি সেখ (২৬) আৰু দ্বীপচৰ গাঁৱৰ ছলিম উদ্দীনৰ পুত্ৰ মানিক লাল ওৰফে পেটকু (২৪) নামৰ গৰু চোৰাং সৰবৰাহকাৰী দুজন সীমান্তত গৰু সৰবৰাহৰ বাবে উপস্থিত হয়। সীমান্তত হঠাত দুয়ো বিদ্যুতস্পৃষ্ট হৈ মৃত্যুমুখত পৰে। লগে লগে দুয়োক আন সহযোগীয়ে গজাৰিকান্ধি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিয়াৰ পাচত স্বাস্থ্য কেন্দ্ৰৰ পৰা হাটশিঙিমাৰী জিলা চিকিতসালয়ত অনা হয়। হাটশিঙিমাৰী জিলা চিকিতসালয়ত সৰবৰাহকাৰী দুজনক মৃত বুলি ঘোষণা কৰে। এই ঘটনাৰ পাচত চিকিতসালয়ত আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে জিলা কাৰ্যবাহী দণ্ডাধীশৰ সহযোগত মৃতদেহ নিজৰ জিম্বাত নি মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল হাস্পাতাল কলেজত প্ৰেৰণ কৰিছে।

ইফালে এই ঘটনাক লৈ বিএছএফৰ সৈতে জিলাখনৰ একাংশ সাংবাদিকে যোগাযোগ কৰাত সীমান্তত কোনো লোক বিদ্যুতস্পৃষ্ট হোৱা নাই বুলি দাবী কৰিছে। ইফালে একাংশ লোক তথা নিহত সৰবৰাহকাৰী দুজনৰ পৰিয়ালে দাবী কৰা মতে, দুয়ো পুৱতি নিশা মাছ ধৰিবলৈ সীমান্তৰ কাষত থকা বিল এখন উপস্থিত হৈছিল। বিলত মাছ ধৰি থকা অৱস্থাত বিএছএফে গৰুৰ চোৰাং সৰবৰাহকাৰীৰ সন্দেহত দুয়োক ধাক্কা মাৰি বিদ্যুত সংযোগ থকা তাঁৰত পেলাই দিয়াত দুয়ো মৃত্যু মুখত পৰিছে বুলি অভিযোগ তুলিছে। সীমান্তত নিশা প্ৰকৃততে কি হৈছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পাচতহে ঘটনাৰ প্ৰতৃত তথ্য পোহৰলৈ আহিব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments