Thursday, July 10, 2025
Google search engine
গৃহস্থানীয়সুখচৰত বিদ্যুতৰ অনিয়মীয়া লোডিশ্বিডিং, অতিষ্ঠ জনতা

সুখচৰত বিদ্যুতৰ অনিয়মীয়া লোডিশ্বিডিং, অতিষ্ঠ জনতা

বিদ্যুতৰ অনিয়মীয়া লোড শ্বিডিং আৰু কম ভল্টেজৰ ফলত হাটশিঙিমাৰীৰ সুখচৰ ফিডাৰৰ বিদ্যুত গ্ৰাহকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। কিছুদিন পূৰ্বে জিলাখনত ভল্টেজৰ সমস্যা সমাধান কৰিছে যদিও ৰহস্যজনক ভাবে জিলাখনৰ সুখচৰ ফিডাৰ এলেকাত এতিয়াও মানকাচৰ বিদ্যুত উপসংমণ্ডলে পৰ্যাপ্ত ভল্টেজ যোগান ধৰিব পৰা নাই। ফলত পূৰ্বৰ দৰে বিদ্যুত গ্ৰাহক ভল্টেজৰ হাহাকাৰ কৰিবলগীয়া হৈছে। ইফালে মানকাচৰ, হাটশিঙিমাৰীকে ধৰি একাংশ স্থানত নিয়মীয়াকৈ বিদ্যুত যোগান ধৰা হয় যদিও ৰহস্যজনক ভাবে সুখচৰ ফিডাৰৰ ক্ষেত্ৰত অনিয়মীয়া বিদ্যুত যোগান আৰু লোড শ্বিডিঙে জলাকলা খোৱাছে সৰ্বসাধাৰণ জনতাক। সময়মতে বিদ্যুত সেৱা যোগান নধাৰত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলো অধ্যয়নত অসুবিধাৰ সম্মুখীন হৈছে।  

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments