Sunday, July 6, 2025
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত ছাত্ৰী-শিক্ষকৰ অশ্লীল ফটো ভাইৰেলক লৈ সাংবাদিক সহ গ্ৰেপ্তাৰ ৬ জনক জেললৈ...

হাটশিঙিমাৰীত ছাত্ৰী-শিক্ষকৰ অশ্লীল ফটো ভাইৰেলক লৈ সাংবাদিক সহ গ্ৰেপ্তাৰ ৬ জনক জেললৈ প্ৰেৰণ

ৰাজ্যত পুনৰ শিক্ষক-ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্য। এইবাৰ হাটশিঙিমাৰীৰ এখন ব্যক্তিগতখণ্ডৰ জ্ঞান বিকাশ একাডেমী নামৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক আৰু দুগৰাকী ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল হোৱাৰ এক ঘটনা সংঘটিত হৈছে। এই শিক্ষানুষ্ঠানখনৰ ৰাসায়ন বিজ্ঞানৰ শিক্ষক আব্দুল লতিফ আহমেদ আৰু দুগৰাকী কিশোৰী ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল হৈছে।

এই ঘটনাৰ সৈতে সাঙুৰ খাইছে এগৰাকী সাংবাদিকৰো নাম। ঘটনা সন্দৰ্ভত  জিলা খনৰ খাৰুৱাবান্ধা আৰক্ষীয়ে এজন সাংবাদিকসহ মুঠ ৬ জনক গ্ৰেপ্তাৰ কৰিছে। অসমৰ আগশাৰীৰ ব্যক্তিগতখণ্ডৰ চেটেলাইট চেনেলৰ হাটশিঙিমাৰীৰ সাংবাদিক আব্দুল্লা শেখ, মুক্তাদুল ইছলাম আৰু মমিনুল হক ওৰফে মনু শেখ নামৰ তিনিজনক যোৱা ২২জুলাই তাৰিখে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ পাছত আদালতে সাংবাদিক আব্দুল্লা শেখ আৰু মুক্তাদুল ইছলামক জেললৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্তৰ বাবে মমিনুল হকক দুদিনৰ বাবে আৰক্ষীৰ জিম্মাদ দিয়ে। আৰক্ষীয়ে দুটা দিন তদন্তৰ অন্তত যোৱা নিশা ঘটনাৰ সৈতে জড়িত আৰু ৩ জন যুৱকক আটক কৰি সোধা-পোছাৰ অন্তত আজি গ্ৰেপ্তাৰ কৰিছে। আজি নতুনকৈ গ্ৰেপ্তাৰ হোৱা যুৱক তিনিজনক ৰহিম শেখ (২৩), হাফিজুৰ ৰহমান (২৬) আৰু আব্দুল আওৱাল আহমেদ (২৩) বুলি চিনাক্ত কৰা হৈছে। আজি গ্ৰেপ্তাৰ হোৱা যুৱক তিনি সহ আৰক্ষীৰ জিম্মাদ থকা মমিনুল হকক আজি আদালতত হাজিৰ কৰাত আদালতে চাৰিওজনক ধুবুৰী জেললৈ প্ৰেৰণ কৰে।

আৰক্ষী সুত্ৰে জানিব পৰা মতে এই ৬ জনে মিলি শিক্ষক আৰু কিশোৰী ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল কৰা কাৰ্যত জড়িত আছিল। সাংবাদিক আব্দুল্লা শেখে অশ্লীল ফটো ভাইৰেল কৰাৰ বাবে সামাজিক মাধ্যমত উৎসাহ দিয়াৰ অভিযোগ উত্থাপন হৈছে।

পকচো আইনৰ গোচৰৰ অধীনত সাংবাদিক সহ ৬ জনক গ্ৰেপ্তাৰ কৰি হাটশিঙিমাৰী আদালতত হাজিৰ কৰা হয় বুলি আৰক্ষীয়ে দাবী কৰিছে ।

ইফালে গ্ৰেপ্তাৰ হোৱা মমিনুল হক ওৰফে মনু মোবাইল মেৰামতি কৰে । তেওঁৰ দোকানত লম্পট শিক্ষক আব্দুল লতিফ আহমেদে নিজৰ মোবাইল মেৰিমতি কৰিছিল। সেই সময়ত লম্পট লতিফৰ মোবাইলৰ পৰা শিক্ষক-ছাত্ৰীৰ ফটো চুৰি কৰি ভাইৰেল কৰাৰ অভিযোগ পাইছে আৰক্ষীয়ে।

এতিয়াও পালাতক অৱস্থাত আছে হাটশিঙিমাৰী জ্ঞান বিকাশ একাডেমীৰ পৰা বহিস্কাৰ হোৱা লম্পট শিক্ষক আব্দুল লতিফ আহমেদ। অভিযোগ অনুসৰি শিক্ষক আব্দুল লতিফ আহমেদে ছাত্ৰীক প্ৰলোভন দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আহিছে।

ইতিমধ্যে শিক্ষক জনক জ্ঞান বিকাশ একাডেমীৰ পৰা অব্যাহতি দিয়া হৈছে। কেইবাগৰাকী ছাত্ৰীৰ সৈতে ৰাসায়নিক বিজ্ঞানৰ লম্পট শিক্ষকটোই এনে অপকৰ্ম কৰা বুলি অভিযোগ উঠিছে।

ইফালে খাৰুৱাবান্ধাস্থিত মেহেৰুন নেছা উইছডম  স্কুলৰ নামৰ আন এখন ব্যক্তিগত খণ্ডৰ ইংলিছ স্কুলৰ পৰিচালন সঞ্চালক মহিবুল মণ্ডলৰ বিৰুদ্ধেও আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে। প্ৰাক্তন সাংবাদিক তথা স্কুলৰ পৰিচালন সঞ্চালক মহিবুল মণ্ডলে সামাজিক মাধ্যমত শিক্ষক-ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল সম্পৰ্কে বিশেষ পোষ্ট লিখিছিল । ঘটনাত মহিবুল মণ্ডল পত্নীৰ নামও সাঙুৰ খোৱা বুলি জানিব পৰা গৈছে। বৰ্তমান মহিবুল মণ্ডল আৰু তেওঁৰ পত্নী পলাতক অৱস্থাত আছে।

লক্ষণীয় বিষয় এয়া যে কিছুদিন পূৰ্বে মহিবুল মণ্ডল নিজৰ স্কুলৰ এগৰাকী শিক্ষয়িত্ৰীক প্ৰলোভন দি বিয়া পতাৰ অভিযোগ উত্থাপন হৈছে। দুই সন্তানৰ পিতৃ মহিবুল হক এগৰাকী কম বয়সীয়া শিক্ষয়িত্ৰীক প্ৰেমৰ জালত পেলাই পলুৱাই নি বিয়া কৰা ঘটনাই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। জ্ঞান বিকাশ একাডেমীৰ লগতে মেহেৰুন নেছা উইছডম স্কুলৰ বিৰুদ্ধে জিলা প্ৰশাসনে তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে জিলা খনৰ সচেতন মহলে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments