Thursday, February 12, 2026
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত ধানৰ কৃষকৰ মাজত কৃষি বিভাগৰ সমীক্ষা

হাটশিঙিমাৰীত ধানৰ কৃষকৰ মাজত কৃষি বিভাগৰ সমীক্ষা

ধান বিক্ৰী কৰি কৃষক সকলে উপযুক্ত বজাৰমুল্য পাইছে নে নাই তাক লৈ আজি হাটশিঙিমাৰী জিলা কৃষি বিভাগে হাটশিঙিমাৰী সপ্তাহিক ধান বজাৰত এক সমীক্ষা চলায়। চৰকাৰে ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে কৃষকৰ পৰা এক কুইণ্টল ধান ২০৪০ টকাত ক্ৰয় কৰে। কিন্তু একাংশ ধানৰ ব্যৱসায়ী কম মুল্যত বজাৰত ধান ক্ৰয় কৰি কৃষক সকলক ঠগি অহা পৰিলক্ষিত হৈছে। কোনো কৃষকে যাতে এক মোন ধান ৮১৬ টকাতকৈ কম দামত বিক্ৰী নকৰে তাৰ বাবে জিলা কৃষি বিভাগে ধান বজাৰত এই সমীক্ষা চলায়। এনেকি কৃষক সকলে যাতে জিলাখনৰ ঝাউডাঙাস্থিত ধানক্ৰয় কেন্দ্ৰত উচিত মুল্যত ধান বিক্ৰী কৰে তাৰ বাবেও জিলাখনৰ কৃষক সকলক আহ্বান জনায়। ধান কৃষকক লৈ কৃষি বিভাগে চলোৱা এই সমীক্ষাত জিলা কৃষি বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া মইনুল হক সহ কেবাজনী কৰ্মচাৰী উপস্থিত আছিল।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments