Thursday, November 21, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ তিনিটা স্থানত মাৰপিটৰ ঘটনাত আহত ২৬ জন

মানকাচৰৰ তিনিটা স্থানত মাৰপিটৰ ঘটনাত আহত ২৬ জন

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ অধীনস্থ বৰটিলাত কালি বিয়লিৰ ভাগত হোৱা এক ভূমিকেন্দ্ৰীক সংঘাতত দুই ফৈদৰ ২০ জনকৈ লোক আহত হৈছে। প্ৰাপ্ত বাতৰি মতে, গাঁওখনৰ আকবৰ আলী আৰু পাহচান মোল্লাফ আলী নামৰ দুই ভাই-ককাই ফৈদৰ মাজত এডোৰা ভূমিক লৈ দীৰ্ঘদিনৰ পৰা কাজিয়া চলি আছে। যোৱা পৰহি দিনা ভূমিক লৈ মাৰপিট হোৱাত সুখচৰ থানাত এজাহাৰ দাখিল কৰা হয়। ফলত কালি সুখচৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত চলায়। ইফালে আৰক্ষীয়ে উভতি যোৱাৰ পাচত হঠাত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট আৰম্ভ হয়। এই মাৰপিটক কেবাগৰাকী মহিলা সহ উভয় ফৈদৰ ২০জনকৈ লোক আহত হৈছে। আহত সকলক ততাতৈয়াকৈ হাটশিঙিমাৰী জিলা চিকিতসালয়ত ভৰ্তি কৰা হয়। ইয়াৰে দুজনৰ অৱস্থা সংকটজনক হোৱা বাবে উন্নত চিকিতসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। গুৱাহাটীলৈ প্ৰেৰণ কৰা আহত ব্যক্তিদুজন হৈছে মইদুল সেখ আৰু আঞ্জুৰা খাতুন। আনহাতে মতিউৰ ৰহমান, মফিজুৰ ৰহমান, ইংৰাজ আলী, পাহচান আলী, আখেৰ আলী, মোন্নাফ আলী, মহিলা খাতুন, ৰিয়াজুল ইছলাম ছৈইদুৰ ৰহমান সহ মুঠ ২০ জন লোক আহত হৈছে। ঘটনাক লৈ উভয় ফৈদৰ পৰা সুখচৰ থানাত এজাহাৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে।

ইফালে মানকাচৰ থানা এলেকাৰ তেলিপাৰাত আজি দূপৰীয়া প্ৰায় ১২ বজাত আন এক ভূমি কেন্দ্ৰীক সংঘাতত চাৰিজন লোক আহত হৈছে। আহত চাৰিওজনক ততাতৈয়াকৈ গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে।

একেদৰে মানকাচৰৰ কালাপানী আৰক্ষী চকী এলেকাৰ অধীনস্থ নিউ ভূৰাকাটাত কালি বিয়লি প্ৰায় ৬ বজাত ক্ৰিকেট খেলক কেন্দ্ৰ কৰি দুই দলৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈ দুজন লোক আহত হৈছে। প্ৰাপ্ত বাতৰি মতে, উৰাৰভূই এম ই স্কুলৰ সম্মুখত একাংশ যুৱকে ক্ৰিকেট খেলি থকাৰ ফলত বিয়লি প্ৰায় ৬ বজাত দুই দলৰ মাজত কাজিয়া হয়। উক্ত কাজিয়া বন্ধ কৰাৰ বাবে স্থানীয় নজৰুল ইছলাম নামৰ লোক জনে ঘটনাস্থলীত উপস্থিত হৈ দুয়োটা দলৰ যুৱ খেলুবৈক ঘৰলৈ পঠিয়াই দিয়ে। কিছু সময় পাচত এটা দূৰ্বৃত্তৰ দল আহি ৰাস্তাত নজৰুল ইছলামক ঘেৰাও কৰি লাঠিৰে কোবাই প্ৰহাৰ কৰিবলৈ ধৰে। ফলত আলী বাবু নামৰ যুৱক জনে নজৰুল ইছলামক ৰক্ষা কৰিবলৈ আগুৱাই যায়। দূৰ্বৃত্তৰ দলটো আলী বাবুকো লাঠিৰে কোৱাই হত্যা কৰিবলৈ চেষ্টা কৰে। স্থানীয় ৰাইজে কোনোমতে দুয়োজনৰ প্ৰাণ ৰক্ষা কৰি হাস্পাতলত ভৰ্তি কৰিছে। ঘটনাক লৈ কালাপানী আৰক্ষী চকীত ১৫ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।  

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments