Saturday, July 27, 2024
Google search engine
গৃহশিক্ষা-প্ৰযুক্তিমেট্ৰিকৰ ফলাফল ! মানকাচৰৰ তুশাৰ বোথৰাই পালে জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ

মেট্ৰিকৰ ফলাফল ! মানকাচৰৰ তুশাৰ বোথৰাই পালে জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ

আজি মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হৈছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ পৰা মুঠ ৪৪২২ গৰাকী পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ৩১৬৬ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। এইবেলি জিলাখনত উত্তীৰ্ণৰ হাৰ ৭১.৬ শতাংশ । জিলাখনত ৯৭৮ গৰাকী পৰীক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণৰ হৈছে । একেদৰে ১৯১৯ গৰাকী পৰীক্ষাৰ্থী দ্বিতীয় বিভাগত উত্তীৰ্ণৰ হৈছে আনহাতে ২৬৮ গৰাকী পৰীক্ষাৰ্থী  তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা বুলি জানিব পৰা গৈছে। জিলাখনৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা পৰীক্ষাৰ্থী জন হৈছে তুশাৰ বোথৰা। তুশাৰ বোথৰা ৯৪.৮৪ নম্বৰ লাভ কৰিছে। তেওঁ মানকাচৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী দিলীপ বোথৰাৰ পুত্ৰ। মানকাচৰ গ্ৰীনভেলী ইংলিচ একাডেমীৰ পৰা তেওঁ এইদৰে সুখ্যাতীৰে উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰভ কঢ়িয়াই আনিছে। জিলাখনৰ কেবাখনো জাতীয় বিদ্যালয় আৰু ইংলিচ একাডেমীত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ হোৱাত ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহ উতফল্লিত হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments