Sunday, September 8, 2024
Google search engine
গৃহস্থানীয়মানকাচৰত বিদ্যুতৰ নাটনি ! বিফল হৈছে এটাৰ পাচত আনএটা জল জীৱন মিচন...

মানকাচৰত বিদ্যুতৰ নাটনি ! বিফল হৈছে এটাৰ পাচত আনএটা জল জীৱন মিচন আঁচনি । জুন মাহৰ ভিতৰত মুকলি হব ৭৫ টা প্ৰকল্প ।। চৰকাৰৰ কোটিটকীয়া অভিলাষী আচনিৰ পৰা জনতাই নিয়মীয়া বিশুদ্ধ পানী পাব কেতিয়া ?

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আচনি জল জীৱন মিচনৰ আঢ়ৈ শতাধিক প্ৰকল্প নিৰ্মাণ কৰা হব। প্ৰায় ৫০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া এই আঢ়ৈশ প্ৰকল্পৰ ভিতৰত ইতিমধ্যে ১৭ টা প্ৰকল্পৰ নিৰ্মাণ কাম সম্পন্ন হোৱাত প্ৰকল্প কেইটা পঞ্চায়তক হস্তান্তৰ কৰি দিয়া হৈছে। আজিও মানকাচৰ চহৰত থকা পূবেৰ গাঁও প্ৰথম খণ্ড পি. ডব্লিউ এছ এছ আৰু সৰকাৰপাৰা পি ডব্লিউ এছ এছ প্ৰকল্প দুখন আনু্ষ্ঠানিক ভাবে মুকলি কৰি পঞ্চায়তক হস্তান্তৰ কৰাৰ লগতে পানী পৰিচালনা সমিতিলৈ হস্তান্তৰ কৰা হৈছে। এই আচনি দুখন ২ কোটি ৩ লাখ টকাৰে নিৰ্মাণ কৰা হৈছে। আচনি দুখনৰ পৰা গাওঁ দুখনৰ মুঠ ২৮১ টা পৰিয়ালে বিশুদ্ধ খোৱা পানী লাভ কৰিব। হৰ ঘৰ নল হৰ ঘৰ জল অৰ্থাত ঘৰে ঘৰে নল ঘৰে ঘৰে জল শ্লোগানেৰে কেন্দ্ৰীয় চৰকাৰে ২০২৪ চনৰ ভিতৰত দেশৰ প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে এই জল জীৱন মিচন আচনি আৰম্ভ কৰা হৈছে। একাংশ জিলাত এই আচনি সমূহৰ কাম দ্ৰুত গতিত চলি থকাৰ লগতে দেশৰ একাংশ জিলাত ৰাইজে ইতিমধ্যে আচনিৰ প্ৰকল্পৰ পৰা পানী লাভ কৰি আহিছে। কিন্তু তাতপৰ্যপূৰ্ণ ভাবে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত এই আচনি সম্পূৰ্ণৰূপে বিফল হোৱাৰ দিশে গতি কৰিছে। প্ৰায় ৫০০ কোটি টকাৰে জিলাখনত আঢ়ৈ শতাধিক প্ৰকল্প নিৰ্মাণ কৰা হব ঠিকেই, জিলাখনত বিদ্যুতৰ নাটনিৰ বাবে প্ৰকল্প সমূহ চলাটো অসম্ভব হৈ পৰিছে। বৰ্তমানে জিলাখনত প্ৰায় ডেৰ শতাধিক প্ৰকল্প নিৰ্মাণ কাম চলি থকাৰ বিপৰীতে ১৭ টা প্ৰকল্প সম্পূৰ্ণ হৈছে। অহা জুন মাহৰ ভিতৰত ৭৫ টা প্ৰকল্প সম্পন্ন কৰি পঞ্চায়তক হস্তান্তৰ কৰাৰ বাবে জিলা জনস্বাস্থ্য কাৰিকৰি বিভাগে উঠিপৰি লাগিছে। ইতিমধ্যে সম্পন্ন হোৱা আচনি সমূহ পঞ্চায়তক হস্তান্তৰ কৰি দিয়াৰ পাচত অনিমীয়াকৈ ৰাইজক সময়ে সময়ে বিশুদ্ধ খোৱা পানী যোগান দিয়া আৰম্ভ হৈছে। জিলাখনত বিদ্যুতৰ ভল্টেজ নথকাৰ ফলত প্ৰকল্প সমূহ ডিজি জেনেৰেটাৰৰ জৰিয়তে পানী যোগান দিয়া হয়। আজি মানকাচৰত দুটাকৈ প্ৰকল্প পঞ্চায়তক হস্তান্তৰ কৰি দিয়াৰ পাচত হাটশিঙিমাৰী জিলা জনস্বাস্থ্য কাৰিকৰি বিভাগৰ অভিযন্তা ত্ৰীদিপ জ্যোতি চৌধুৰী নিজেই সাংবাদিকৰ আগত স্বীকাৰোক্তি দি কয় যে জিলাখনত একেবাৰে ল্য ভল্টেজৰ ফলত আচনি সমূহ চলাব পৰা নাই। স্বয়ং চৰকাৰী বিষয়া জনে এইদৰে বিদ্যুত বিভাগৰ ফোপোলা স্বৰূপ উদঙাই দিয়া কাৰ্যই বিশেষ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জিলাখনত বিদ্যুতৰ সমস্যা সমাধান নহলে জল জীৱন আচনিৰ প্ৰকল্প সমূহ জলোৱাটো সম্ভব নহয়। যেতিয়ালৈ জিলাখনত বিদ্যুতৰ ভল্টেজৰ সমস্যা সমাধান নহব তেতিয়ালৈ এই সমস্যা সমাধান নহব। চৰকাৰে ৰাইজক বিশুদ্ধ পানী দিবলৈ কোটি কোটি টকা খৰচ কৰিছে ঠিকেই কিন্তু প্ৰকল্পৰ পৰা পানী ওলাবলৈ প্ৰয়োজনীয় ভল্টেজৰ ক্ষেত্ৰত জিলাখনত অসম চৰকাৰৰ বিদ্যুত বিভাগে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। জিলাখনত দীৰ্ঘ দিনৰ পৰা বিত্যুতৰ নাটনি হৈ থকাত দল-সংগঠন বিভিন্ন সময়ত প্ৰতিবাদ কৰি অহাৰ পাচতো আজিলৈ জিলাখনত বিদ্যুতৰ সমস্যা সমাধান নহল। ইফালে জিলাখনত বিদ্যুতৰ সমস্যা সমাধান হব বুলি বিগত প্ৰায় তিনি মাহ ধৰি এটাৰ পাচত আন এটা তাৰিখ একাংশ জনপ্ৰতিনিধি, চৰকাৰী বিষয়াৰ মুখত শুনিবলৈ পোৱা যায় যদিও প্ৰকৃততে জিলাখনত বিদ্যুতৰ সমস্যা সমাধান কেতিয়া হব তাৰ কোনো নিশ্চিয়তা নাই। বিদ্যুতৰ সমস্যা সমাধান নকৰাকৈ জন স্বাস্থ্য বিভাগৰ জৰিয়তে চৰকাৰে কোটি কোটি টকা খৰচ কৰি জল জীৱন মিচন আচনিৰ প্ৰকল্প নিৰ্মাণ কৰাটো কিমান যুক্তিসংগত তাক লৈ ৰাইজৰ মাজত প্ৰশ্নৰ উদয় হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments