Sunday, September 15, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত জিলা তৃণমূল কংগ্ৰেছৰ ধৰ্ণা-বিক্ষোভ কাৰ্যসূচী । ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া, এইচ-এম পথ চাৰিলেনযুক্ত...

হাটশিঙিমাৰীত জিলা তৃণমূল কংগ্ৰেছৰ ধৰ্ণা-বিক্ষোভ কাৰ্যসূচী । ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া, এইচ-এম পথ চাৰিলেনযুক্ত পথলৈ উন্নীতকৰণ আৰু নিয়মীয়া বিদ্যুত যোগানৰ দাবীত উত্তাল প্ৰতিবাদ ।। উপায়ুক্তৰ জৰিয়তে ৰাজ্যপালৈ স্মাৰক পত্ৰ প্ৰদান

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী এলেকাৰ লগতে জিলাখনৰ বিভিন্ন ঠাইত চলি থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধ, নিয়মীয়া বিদ্যুৎ যোগান আৰু এইচ-এম পথ চাৰিলেনযুক্ত পথলৈ উন্নীত কৰাৰ দাবীত আজি দিনৰ ১২ বজাত হাটশিঙিমাৰীত জিলা তৃণমূল কংগ্ৰেছে ধৰ্ণা আৰু বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰি ৰাজ্যপাললৈ এখন তিনিদফীয়া স্মাৰক পত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে জিলাখনৰ বাংলাদেশ সীমান্তবৰ্তী এলেকাৰ লগতে বিভিন্ন ঠাইত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত জিলাৰ সদৰত থকা হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। খহনীয়া প্ৰতিৰোধৰ নামত সময়ে সময়ে লাখ লাখ টকা আবন্টন দিয়া হয় যদিও স্থায়ী প্ৰতিৰোধ নোহোৱাত জিলা খনত খহনীয়া অব্যাহত । খহনীয়া প্ৰতিৰোধৰ নামত কেৱল ঠিকাদাৰ আৰু দালালে পকেট গৰম কৰাৰ বিপৰীতে প্ৰতি বছৰে শ শ পৰিয়াল খহনীয়াৰ কবলত পৰি গৃহহীন হৈ আহিছে। আজি জিলা তৃণমূল কংগ্ৰেছৰ পৰা জিলাখনত বিজ্ঞানসন্মত ভাবে খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী তুলিছে ।

একেদৰে জিলাখনৰ মূল আৰু প্ৰধান পথটোৱে হৈছে হাটশিঙিমাৰী-মানকাচৰ সংযোগী ২২ কিলোমিটাৰ এইচ-এম পথ। এই পথটোৰ ঠায়ে ঠায়ে পুখুৰী সদৃশ হৈ সাধাৰণ জনতা প্ৰতিদিনে যাতায়তত ভীষণ অসুবিধাৰ সম্মুখীন হৈ আহিছে। পথটো মেৰামতিৰ নামতো চৰকাৰে কোটি কোটি টকা আবন্টন দিয়ে হৈছিল যদিও সঠিক ভাবে কাম নকৰি ঠিকাদাৰে পকেট গৰম কৰাৰ অভিযোগ উত্থাপন হৈছে। মানকাচৰ জিলাৰ এই লাইফলাইন সদৃশ পথটো চাৰিলেনযুক্ত পথলৈ উন্নীত কৰাৰ দাবী তুলিছে জিলা তৃণমূল কংগ্ৰেছে।

আনহাতে জিলা খনত বিদ্যুতৰ অনিয়মীয়া যোগান আৰু লোড শ্বিডিঙৰ ফলত অতিষ্ঠ হৈছে জনতা। জিলা খনত বিদ্যুতৰ ভল্টেজ নথকাৰ বাবে বিদ্যুৎ গ্ৰাহকে মোবাইল পৰ্যন্ত চার্জ দিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। ব্যৱসায়ী সকলে নিজৰ দোকানত কম্পিউটাৰ ব্যৱহাৰ কৰিব পৰা নাই। জিলা খনত পৰ্যাপ্ত আৰু নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰাৰ বাবে দাবী উত্থাপন কৰিছে জিলা তৃণমূল কংগ্ৰেছৰ  প্ৰতিবাদকাৰী সকলে।

এই তিনিদফীয়া দাবী লৈ আজি জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি এএছএম জাহাঙ্গীৰৰ নেতৃত্বত শতাধিক কৰ্মীয়ে হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ এক বিশাল প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদকাৰী সকলে হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত হৈ একত্ৰিত হোৱাৰ পাচত বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। ইয়াৰ পাছত প্ৰতিবাদকাৰী সকলে জিলা প্ৰশাসনৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। তিনিদফীয়া দাবী লৈ জিলা ৰাজ্যপালনক এই স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। তৃণমূল কংগ্ৰেছৰ এই দাবীৰ প্ৰতি ৰাজ্যপালে কিদৰে ব্যৱস্থা গ্ৰহন কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments