Tuesday, September 17, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰী-বাংলাদেশ সীমান্তত ১৫ টা চোৰাং গৰু সহ গ্ৰেপ্তাৰ এজন

হাটশিঙিমাৰী-বাংলাদেশ সীমান্তত ১৫ টা চোৰাং গৰু সহ গ্ৰেপ্তাৰ এজন

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰী এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰা যোৱা নিশা আৰক্ষী আৰু বিএছএফে দুটা পৃথক স্থানৰ পৰা মুঠ ১৫ টা চোৰাং গৰু সহ এজন গৰু সৰবৰহকাৰীক গ্ৰেপ্তাৰ কৰিছে। প্ৰাপ্ত বাতৰি মতে, জিলাখনৰ খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনত থকা বাংলাদেশ সীমান্তৰ বৰাইৰ আলগাত ৪৫ নং বেটেলিয়ান বিএছএফে ৫ টা চোৰাং গৰু সহ এজন গৰু সৰবৰাহকাৰীক আটক কৰিছে। ধৃত সৰবৰাহকাৰীটোক কানাইমাৰা গাঁৱৰ মনিৰুল ইছলাম (২৭) বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে বিএছএফে খাৰুৱাবান্ধা আৰক্ষী চকীত গৰু সহ সৰবৰাহকাৰীজনক গতাই দিয়াত আৰক্ষীয়ে সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰি হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰাত আদালতে ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে। ইফালে জিলাখনৰ বাংলাদেশ সীমান্তৱৰ্তী দ্বীপচৰত আজি পুৱতি নিশা প্ৰায় ২ বজাত খাৰুৱাবান্ধা আৰক্ষীয়ে এক অভিযানৰ জৰিয়তে ১০ টা চোৰাং গৰু জব্দ কৰে যদিও সৰবৰাহকাৰীৰ দল পলায়ন কৰিছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments