Saturday, November 16, 2024
Google search engine
গৃহস্থানীয়দক্ষিণ শালমাৰা আৰু মানকাচৰত খণ্ড শিক্ষা বিষয়াই উভতাই নললে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ...

দক্ষিণ শালমাৰা আৰু মানকাচৰত খণ্ড শিক্ষা বিষয়াই উভতাই নললে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ টেবলেট ।। প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত ৰাজ্যজুৰি শিক্ষক সকলে দিছিল ২১ মে’লৈ ডেডলাইন

ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষানুষ্ঠানত শিক্ষাসেঁতু এপ ব্যৱহাৰৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক সকলক টেবলেট প্ৰদান কৰাৰ পাচত যোৱা ৩০ এপ্ৰিলত সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবী তুলি ২১ মে তাৰিখলৈ শিক্ষা বিভাগক ডেডলাইন বান্ধি দিছিল। ২১ মে তাৰিখৰ ভিতৰত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰিলে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক সকলে চৰকাৰে যোগান দিয়া টেবলেট উভতাই দিব বুলি এক প্ৰকাৰে ৰাজ্যৰ শিক্ষা বিভাগ আৰু চৰকাৰক ভাবুকি দিছিল সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। ইতিমধ্যে কালি প্ৰাথমিক শিক্ষক সন্মিলনীৰ ডেডলাইন উকলি যোৱাৰ পাচত আজি ৰাজ্যজুৰি ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক সকলে নিজৰ নিজৰ এলেকাত থকা খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ টেবলেট ঘুৰাই দিয়াৰ বাবে উপস্থিত হয়। ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো মানকাচৰ আৰু দক্ষিণ শালমাৰা খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ত ২৭৯ টা বিদ্যালয়ৰ ২৭৯ গৰাকী প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক সকল হাতত টেবলেট লৈ উপস্থিত হয়। কিন্তু তাতপৰ্যপূৰ্ণ ভাবে মানকাচৰ আৰু দক্ষিণ শালমাৰা খণ্ড শিক্ষা বিষয়াই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক সকলৰ পৰা টেবলেট উভতাই নোলোৱাত শিক্ষক সমাজ বিক্ষোভ হোৱা পৰিলক্ষিত হয়। আজি বিয়লি প্ৰায় ২.৩০ বজাৰ পৰাই জিলাখনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক সকল শিক্ষা বিভাগৰ খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈছিল। ওপৰ মহলৰ পৰা টেবলেট ঘুৰাই নোলোৱাৰ নিৰ্দেশনা থকাৰ বাবে এইদৰে টেবলেট সমূহ উভতাই নলয় বুলি মানকাচৰ খণ্ড শিক্ষা বিষয়া আনিছুৰ ৰহমানে দাবী কৰে। ইয়াৰ ফলত মানকাচৰৰ শিক্ষক সকল কাৰ্যালয় খনৰ সম্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি ৰাজ্যিক সন্মিলনীৰ সৈতে আলোচনা কৰি পৰৱৰ্তী কাৰ্যসূচী হাতত লব বুলি সাংবাদিকক জানিবলৈ দিয়ে। দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে কয় যে প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰিলে প্ৰয়োজনত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক সকলে নিজৰ নিজৰ দায়িত্বৰ পৰা অব্যাহতি লব। ৩০ এপ্ৰিলৰ পৰা ২১ মেলৈ বান্ধি দিয়া ডেডলাইনৰ প্ৰতি ৰাজ্যৰ শিক্ষা বিভাগে গুৰুত্ব নিদিয়া ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক সকলৰ দাবীৰ প্ৰতি সহাৰি জনাবনে নাই সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হব।  

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments