Tuesday, September 17, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ ঠাকুৰানবাৰীত ছুৰীৰ আঘাতত মহিলা সহ আহত তিনি

মানকাচৰৰ ঠাকুৰানবাৰীত ছুৰীৰ আঘাতত মহিলা সহ আহত তিনি

মানকাচৰৰ ঠাকুৰাণবাৰীত আজি দিনৰ প্ৰায় ১ বজাত এগৰাকী যুৱকে ছুৰীৰে আক্ৰমণ কৰাত এগৰাকী মহিলা সহ তিনিজন লোক আহত হৈ চিকিতসাধীন হবলগীয়া হৈছে। ঠাকুৰাণবাৰী গাঁৱৰ নুৰ হাকিম নামৰ যুৱক জনে ড্ৰাগছ সেৱন কৰি পাশ্বৱৰ্তী কাকৰিপাৰা গাঁৱৰ এগৰাকী মহিলা সহ তিনিজক আক্ৰমণ কৰে। ফলত তিনওজন আহত হৈছে। আহত সকলক ৰফিকুল ইছলাম, ছাজু মিয়া আৰু শোনালী বেগম বুলি চিনাক্ত কৰা হৈছে। লগে লগে স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ তিনিওজনক উদ্ধাৰ কৰে যদিও আক্ৰমণকাৰী যুৱকজন পলায়ন কৰে। এই ঘটনাৰ পাচত তিনিও জনক মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও ৰফিকুল ইছলামৰ অৱস্থা সংকটজনক হোৱা বাবে উন্নত চিকিতসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে। এই ঘটনাক লৈ মানকাচৰ আৰক্ষী তদন্ত আৰম্ভ কৰিছে। সম্প্ৰতি আক্ৰমণকাৰী যুৱকজন পলাতক অৱস্থাত আছে বুলি জনা গৈছে। 

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments