Tuesday, September 17, 2024
Google search engine
গৃহস্থানীয়মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী সদৰটিলাত মেঘালয়ৰ বনৰীয়া হাতীৰ তাণ্ডৱ ।

মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী সদৰটিলাত মেঘালয়ৰ বনৰীয়া হাতীৰ তাণ্ডৱ ।

শনিবাৰে নিশা মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা হাতীৰ জাক এটাই মানকাচৰৰ বাংলাদেশ সীমান্তৱৰ্তী সদৰটিলাত তাণ্ডবলীলা চলায়। হাতীৰ জাকটো সদৰটিলাত কৃষকৰ খেতি পথাৰ তহিলং কৰাৰ পাছত বাংলাদেশ সীমান্তত থকা কাইটীয়া তাৰৰ ওচৰত গৈ কাইটীয়া তাৰ ভাঙিবলৈ চেষ্টা কৰাত চহলধাৰী বিএছএফ জোৱান হাতীক খেদি পঠিয়ায়। আজি পুৱাৰ ভাগত হাতীৰ জাকটো সদৰটিলাৰ পৰা পুনৰ মেঘালয়ৰ গাৰো পাহাৰত আশ্ৰয় লৈছে। আজি নিশা পুনৰ সদৰটিলাত প্ৰবেশ কৰি খেতি পথাৰ তহিলং কৰাৰ সম্ভবনা আছে। অসম তথা মেঘালয়ৰ এটা দুষ্ট চক্ৰই মেঘালয়ৰ গাৰো পাহাৰৰ গছ কাটি চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাত বনাঞ্চলত বনৰীয়া জীৱ জন্তৰ খাদ্যৰ অভাব হৈ পৰিছে। ফলত হাতী খাদ্যৰ সন্ধান বিচাৰি বনাঞ্চলৰ পৰা জনাঞ্চলত আহি তাণ্ডৱলীলা চলায়। মানকাচৰ বন বিভাগ হাতী খেদাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments