Tuesday, September 17, 2024
Google search engine
গৃহস্থানীয়ফকিৰগঞ্জৰ সূৰ্যমনিত মহিলাৰ মৃতদেহ উদ্ধাৰ । শুক্ৰবাৰে ব্ৰহ্মপুত্ৰত জাপ দি কৰিছিল আত্মহত্যা

ফকিৰগঞ্জৰ সূৰ্যমনিত মহিলাৰ মৃতদেহ উদ্ধাৰ । শুক্ৰবাৰে ব্ৰহ্মপুত্ৰত জাপ দি কৰিছিল আত্মহত্যা

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ থানা এলেকাৰ অধীনস্থ সূৰ্যমনি গাঁৱৰ ব্ৰহ্মপুত্ৰৰ পাৰত আজি পুৱাৰ ভাগত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে। উদ্ধাৰ হোৱা মহিলা গৰাকীক ফকিৰগঞ্জ থানা এলেকাৰ নামাশ্বেৰশো গাঁৱৰ হজৰত আলীৰ জীয়েক শুকিয়ান খাতুন বুলি চিনাক্ত কৰা হৈছে। শুকিয়ান খাতুনক যোৱা প্ৰায় ৫ বজাৰ পূৰ্বে কোকৰাঝাৰ জিলাৰ বেতলেংমাৰী গাঁৱৰ ছাবেৰ আলীৰ সৈতে বিবাহ দিয়া হৈছিল। যোৱা বৃহস্পতিবাৰে নিশা কোকৰাঝাৰৰ পৰা পিতৃগৃহত আহি শুক্ৰবাৰে পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰত গৈ জাপ দি মহিলাগৰাকী আত্মহত্যা কৰে । তেতিয়াৰ পৰা এক সন্তানৰ মাতৃ গৰাকী নিখোজ হৈ আছিল। ইতিমধ্যে ফকিৰগঞ্জ আৰক্ষী এছ ডি আৰ এফ বাহিনীৰ সহযোগত উদ্ধাৰ অভিযান চলাইছিল যদিও উদ্ধাৰ কৰিব পৰা নাছিল। আজি পুৱাৰ ভাগত এগৰাকী মাছমৰিয়াই ব্ৰহ্মপুত্ৰত মৃতদেহ উপঙি থকা প্ৰথ্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰিছে। কিন্তু কি কাৰণত মহিলা গৰাকী আত্মহত্যা কৰিছে সেয়া এতিয়ালৈ পোহৰলৈ অহা নাই।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments