দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ অধীনস্থ বেপাৰীপাৰাত কালি সন্ধিয়া প্ৰায় ৮ বজাত আৰক্ষীয়ে পান দোকানত অভিযান চলাই ভাং সহ পান দোকানীক গ্ৰেপ্তাৰ কৰিছে।
প্ৰাপ্ত বাতৰি মতে, সুখচৰ আৰক্ষী এক গোপন সুত্ৰৰ ভিত্তীত বেপাৰীপাৰাৰ ছলেমান সেখ নামৰ পান দোকানী জনৰ দোকানত অভিযান চলায়। আৰক্ষীৰ এই অভিযানত ১৪২ টা সৰু পেকেটত ভাং উদ্ধাৰ হয়। ভাং খিনি ৪৬৮ গ্ৰাম ওজনৰ। ফলত আৰক্ষীয়ে ছলেমান সেখক কৰায়ত্ব কৰি ভাংখিনি জব্দ কৰে। পানৰ দোকানত ব্যৱসায় কৰা ভাং ব্যৱসায়ীটোক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জিলা আদালতত হাজিৰ কৰাত আদালতে ধুবুৰী জেললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। লক্ষণীয় যে জিলাখনৰ একাংশ পান দোকানত মদ, ভাং, নিচাযুক্ত টেবলেট অবৈধ ভাবে বিক্ৰী কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া।