Friday, October 18, 2024
Google search engine
গৃহস্থানীয়মানকাচৰৰ কুনিমাৰাত ৭ টা চোৰাং গৰু সহ গ্ৰেপ্তাৰ এজন

মানকাচৰৰ কুনিমাৰাত ৭ টা চোৰাং গৰু সহ গ্ৰেপ্তাৰ এজন

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ কুচনিমাৰাত কালি সন্ধিয়া প্ৰায় ৭ বজাত বিএছএফে সীমান্তৰ পৰা ৭ টা চোৰাং গৰু সহ এটা গৰু সৰবৰাহকাৰীক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিছে।

    প্ৰাপ্ত বাতৰি মতে, মানকাচৰ সীমান্তত নিয়োজিত ৪৫ নং বেটেলিয়ান বিএছএফে সীমান্তত টহল দি থকা অৱস্থাত সন্ধিয়া প্ৰায় ৭ বজাত ৪-৫ জনীয়া সৰবৰাহকাৰীৰ দল এটা কেবাটাও গৰু লৈ সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ ওচৰত উপস্থিত হয়। ফলত টহলধাৰী বিএছএফ জোৱান ঝালোৰচৰ বিএছএফ কেম্পত অৱগত কৰি গৰু সৰবৰাহকাৰীক খেদিবলৈ ঘটনাস্থলীত উপস্থিত হয়। বিএছএফৰ দল এটা লগে লগে ঘটনাস্থলীত আহি ৭ টা চোৰাং গৰু জব্দ কৰাৰ লগতে এটা গৰু সৰবৰাহকাৰীক কৰায়ত্ব কৰে যদিও বাকী সৰবৰাহকাৰীৰ দলটো পলায়ন কৰে। ধৃত সৰবৰাহকাৰীটোক কুচনিমাৰা গাঁৱৰ প্ৰয়াত ছাদেক আলীৰ পুত্ৰ আব্দুল আলিম (৫৩) বুলি চিনাক্ত কৰা হৈছে। বিএছএফে গৰু কেইটাৰ লগতে সৰবৰাহকাৰীটোক নিশা প্ৰায় ৯ বজাত মানকাচৰ আৰক্ষীৰ ওচৰত গতাই দিয়ে। মানকাচৰ আৰক্ষীয়ে সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰি গৰু কেইটা জব্দ কৰিছে। সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাঁহৰ ঢেকিৰ সহযোগত গৰু কেইটা সৰবৰাহ কৰিবলৈ অনা হৈছিল। লক্ষণীয় যে জিলাখনৰ শিশুমাৰাৰ পৰা সদৰটিলালৈ প্ৰায় ৩৫ কিলোমিটাৰ কাইটীয়া তাঁৰৰ বেৰ থকা এলেকায়েদি প্ৰায় প্ৰতিনিশা বাহৰ ঢেকিৰ সহযোগত কাটাতাৰৰ ওপৰেদি বাংলাদেশলৈ গৰু সৰবৰাহ হয়। কিন্তু তাতপৰ্যপূৰ্ণভাবে ইমান সৰু জিলাখনৰ বিভিন্ন এলেকাত থকা থানা আৰু আৰক্ষী চকীৰ আৰক্ষীয়ে সীমান্তলৈ গৰু কঢ়িয়াই নিয়া সৰবৰাহকাৰীক আধা বাটতে কৰায়ত্ব কৰাত একপ্ৰকাৰে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। যাৰ বাবে জিলাখনেৰে গৰুৰ চোৰাং কাৰবাৰ এতিয়াও গোপনে ভয়াবহ ভাবে চলি থকা পৰিলক্ষিত হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments