Friday, October 18, 2024
Google search engine
গৃহস্থানীয়হাটশিঙিমাৰীত জিলা প্ৰশাসনৰ সহযোগত জিলা বিহু সন্মিলনীৰ উদ্যোগত ৰঙালী বিহু উদযাপন

হাটশিঙিমাৰীত জিলা প্ৰশাসনৰ সহযোগত জিলা বিহু সন্মিলনীৰ উদ্যোগত ৰঙালী বিহু উদযাপন

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত আজি দিনজোৰা কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰা হয়।

    উল্লেখযোগ্য যে হাটশিঙিমাৰী জিলা প্ৰশাসনৰ সহযোগত জিলা বিহু সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰঙালী বিহু উপলক্ষে পুৱা ৮.৩০ বজাত ৰঙালী বিহুৰ পতাকা উত্তোলন কৰা হয়। খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত থকা ভূপেন হাজৰিকা মুকলি মঞ্চৰ সম্মুখত জিলা বিহু সন্মিলনীৰ কাৰ্যকৰি সভাপতি তথা হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জহিৰুল ইছলাম এই পতাকা উত্তোলন কৰে। ইয়াৰ পাচত ৮.৪৫ বজাত জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত বৃক্ষ ৰোপনৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। পুৱা ৯ বজাত জলপান কৰাৰ পিচত পুৱা ১০ বজাত হাটশিঙিমাৰী জিলা জনস্বাস্থ্য কাৰিকৰি বিভাগৰ কাৰ্যালয়ৰ পৰা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ বিহুমঞ্চলৈ এক বিশাল বাৰেবৰণীয়া শোভাযাত্ৰা উলিওৱা হয়। জিলা উপায়ুক্ত বিদ্যুত বিকাশ ভাগৱতী আৰু মানকাচৰৰ প্ৰাক্তন বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল ফ্লেগ অফ কৰি শোভাযাত্ৰা মুকলি কৰে। এই কাৰ্যসূচীত জিলা অতিৰিক্ত উপায়ুক্ত বনি ইনাম শ্বাদ্দাব, জিলা উপায়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত কেবাগৰাকী বিষয়া, কেবাগৰাকী সহকাৰী আয়ুক্তৰ লগতে মানকাচৰৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আশ্ৰাফ আলী আহমেদৰ লগতে কেবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দিনৰ প্ৰায় ১১ বজাত শোভাযাত্ৰাৰ সামৰণি পৰে। ইয়াৰ পাচত দিনৰ ১১.৩০ বজাত মুকলি বিহু অনুষ্ঠিত কৰা হয়। এই মুকলি বিহু অনুষ্ঠানত ৰিনিকি ৰিনিকি বিহু গীতৰ তালে তালে বিহুৱা-বিহুৱতী সকলে নৃত্য প্ৰদৰ্শন কৰে। গ্ৰীনিচ বুকত নাম অন্তৰ্ভূক্ত কৰা বিহু গীতটিৰ নৃত্য প্ৰদৰ্শন কৰা হয়। এই বিহু নৃত্যত গ্ৰীনিচ বুক অফ ওৱাৰ্ড ৰেকৰ সময়ত অংশগ্ৰহন কৰা হাটশিঙিমাৰী জিলাৰ ২০ গৰাকী বিহুৱা-বিহুৱতীয়েও নৃত্য প্ৰদৰ্শন কৰে। দিনৰ প্ৰায় ১২ বজাত মুকলি বিহুত পৰম্পৰাগত লাঠি খেল অনুষ্ঠিত কৰা হয়। জিলা উপায়ুক্ত বিদ্যুত বিকাশ ভাগৱতী এই মুকলি বিহুৰ অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ সৈতে মত বিনিময় কৰে। তদুপৰি লাড়ু, পিঠাপনা, দৈ-চিৰা খোৱা পৰ্বও অনুষ্ঠিত কৰা হয়। দিনৰ ১২.৩০ বজাৰ পৰা ৰঙালী বিহুৰ সৈতে সম্পৰ্ক থকা বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে এই প্ৰতিযোগিতা সমূহত অংশগ্ৰহন কৰে। দিনৰ ২ বজাত একক বিহু আৰু গোৱালপৰীয়া লোকগীত প্ৰতিযোগিতা কৰা হয়। আবেদলি ৩.৩০ বজাত একক বিহু নৃত্য প্ৰতিযোগতি অনুষ্ঠিত কৰা হয়। সন্ধিয়া ৬.৩০ বজাত বটা বিতৰণৰ পাচত সন্ধিয়া ৭ বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈ এই সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচীত গীত পৰিবেশন কৰিব।

    মন কৰিবলগীয়া যে বিগত তিনি বছৰ ধৰি জিলা প্ৰশাসনৰ সহযোগত দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিহু সন্মিলনীয়ে ৰঙালী বিহু উদযাপন কৰি আহিছে। সংখ্যালঘু অধ্যুষিত এলেকাত এইদৰে ৰঙালী বিহু উদযাপনৰ ক্ষেত্ৰত সকলো লোকে সহায়-সহযোগিতা কৰা পৰিলক্ষিত হৈছে। অন্য জিলাৰ পৰা টেট শিক্ষক হিচাপে জিলাখনত নিযুক্তি পোৱা একাংশ টেট শিক্ষক-শিক্ষয়িত্ৰীয়ে এই ৰঙালী বিহু উদযাপনত পূৰ্ণ সহায় সহযোগিতা কৰা পৰিলক্ষিত হৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments