Saturday, July 27, 2024
Google search engine
গৃহউত্তৰ-পূব৭ দিনে সন্ধানীহ শ্বিলঙত নিখোজ ফকিৰগঞ্জৰ ছাত্ৰী

৭ দিনে সন্ধানীহ শ্বিলঙত নিখোজ ফকিৰগঞ্জৰ ছাত্ৰী

যোৱা ১ মে তাৰিখে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলং চহৰৰ পৰা নিখোজ হৈ পৰা দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জৰ এগৰাকী মেট্ৰিকৰ ছাত্ৰী আজি ৭ দিনে সন্ধানহীন হৈ থকাত পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ থানা এলেকাৰ অধীনস্থ ফকিৰগঞ্জৰ নুৰ ইছলাম মোল্লা নামৰ লোকজনৰ ১৫ বছৰীয়া জীয়েক শ্বাবিনুৰ খাতুন মেট্ৰিক পৰীক্ষাৰ পাচত শ্বিলং চহৰত যায়। মাতৃ শ্বিলং চহৰত একাংশ লোকৰ ঘৰত কাম কৰি উপাৰ্জন কৰে। মাতৃক সহায়ৰ বাবে ছাত্ৰী গৰাকী শ্বিলংত গৈ কিছুদিন থকাৰ পাচত যোৱা ১ মে তাৰিখে হঠাত নিখোজ হৈ পৰে। মাতৃয়ে অস্থায়ী ভাৰাঘৰত ৰাখি কামত ওলাই যোৱাৰ পাচত উভতি আহি জীয়েকক বিচাৰি নোপোৱাত হাহাকাৰৰ সৃষ্টি হয়। ফলত শ্বিলং আৰক্ষীক এখন জাননি দিয়া হয়। আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে যদিও বিগত ৭ টা দিনতো ছাত্ৰী গৰাকীক উদ্ধাৰ কৰিব পৰা হোৱা নাই। ছাত্ৰী গৰাকীক কোনোবা দুষ্টচক্ৰই ঘৰখনৰ পৰা অপহৰণ কৰি নিলে নেকি তাক লৈ পৰিয়ালৰ মাজত সন্দেহ উপজিছে। ছাত্ৰী গৰাকীৰ হাতত থকা মোবাইল ফোন অফ কৰি থোৱা আছে বাবে শ্বিলং আৰক্ষীয়ে ছাত্ৰী গৰাকীক উদ্ধাৰ কৰাত ব্যৰ্থ হোৱা বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
- Advertisment -
Google search engine

Most Popular

Recent Comments